মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

আমি কি কৰো

  • অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় আইন২০১০ ৰ অধীনত প্ৰতিষ্ঠা হোৱা অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় (আৰগুকম) হৈছে দেশৰ ভিতৰতে প্ৰথম সমবায় পৰিচালিত বিশ্ববিদ্যালয় । আৰগুকম ইউ জি চি ৰ পঞ্জীয়ণ নং এফ.৯-২১/২০১১ (চিপিপি -১/পি ইউ) তাং, ফেব্ৰুৱাৰী ২৭, ২০১২ ৰ অধীনত স্বীকৃতি প্ৰাপ্ত ।

    বৌদ্ধিক বিকাশ আৰু শিক্ষণ, গুণ-দক্ষতা আৰু পৰিচালন ক্ষমতা বৃদ্ধিৰ কাৰণে প্ৰশিক্ষণ আৰু নতুন ক্ষেত্ৰস্থলত অনুসন্ধানৰ কাৰণে গৱেষণা আৰু প্ৰচেষ্টাৰে সৰ্বতো প্ৰকাৰৰ উন্নতি, সমবায় আন্দোলন আৰু গ্ৰাম্য অৰ্থনীতি বৃদ্ধিৰ মূল লক্ষ্যৰে সৈতে উজনি অসমৰ শিৱসাগৰ জিলাত স্থাপন কৰা এই বিশ্ববিদ্যালয় খন এখন শৈক্ষিক আৰু আবাসিক বিশ্ববিদ্যালয়।

    আৰগুকম এখন বিশিষ্ট বা বিশেষ বিশ্ববিদ্যালয় আৰু ইয়াৰ প্ৰচেষ্টা সমূহো অভিনৱ আৰু পৰিণাম কেন্দ্ৰিক। আমি বিদ্যাৰ্থী সকলৰ শিক্ষাৰ তৃণমূল পৰ্য্যায়ত বেছি গুৰুত্ব প্ৰদান কৰো যাতে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ কেৱল মাত্ৰ কিতাপৰ পাততে সীমাৱদ্ধ নাথাকে।

    চাৰিটা স্তম্ভ

    বিশ্ববিদ্যালয়খন চাৰিটা স্তম্ভৰ ওপৰত থিয় হৈ আছে যেনে-শিক্ষা, গৱেষণা, প্ৰশিক্ষণ আৰু উন্নতি, সংক্ষেপতে ই আৰ টি পি । বিশ্ববিদ্যালয়ে সমবায় খণ্ডৰ যুবক, খেতিয়ক, সহযোগকাৰী, বিষয়া সকল যেনে ব্যৱস্থাপক ইত্যাদিৰ প্ৰয়োজন পুৰ কৰিব। বিশ্ববিদ্যালয়ে প্ৰযত্ন হাতত লৈছে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন আনি সহযোগৰ নীতিত সংযুক্ত হোৱা আৰু স্বাৱলম্বীতাৰ কাৰণে সমবায় প্ৰতিষ্ঠান আৰম্ভ কৰা ।

    আৰগুকমৰ বিভাগসমূহ

    অসম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটী অফ্ ক`অপাৰেটিভ মেনেজমেণ্টৰ পাঁচখন বিদ্যালয় যিকেইখনে বৰ্তমান কাম কৰি আছে সেইকেইখন হ`ল

    • উদ্যোগী আৰু সঞ্চালন বিভাগ
    • উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যা বিভাগ
    • সাংস্কৃতিক আৰু সঞ্চালন বিভাগ
    • গণনীতি বিদ্যা আৰু আইনী বিভাগ
    • পৰিস্থিত বিজ্ঞান আৰু অৱলম্বন বিভাগ