মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

শিৱসাগৰ

  • ঐতিহাসিক শিৱসাগৰৰ বিষয়ে

    শিৱসাগৰৰ পূৰ্বৰ বানানটো আছিল শিব্সাগৰ ( ভগৱান শিৱৰ সাগৰ),গুৱাহাটীৰ পৰা পূব দিশত আৰু প্ৰায় ৩৬০ কিল`মিটাৰ দূৰত্বত অৱস্থিত উজনি অসমৰ এখন চহৰ । এইখন হৈছে শিৱসাগৰ জিলাৰ সদৰ কাৰ্যালয় । ইয়াক আহোম ৰাজ প্ৰসাদ আৰু কীৰ্তিচিহ্নৰ স্থান হিচাপে বিশেষভাৱে জনা যায় । শিৱসাগৰ এতিয়া চাহ আৰু তেল উদ্যোগৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থলো ।

    শিৱসাগৰক পূৰ্বতে ৰংপুৰ বুলি জনা গৈছিল ।১৬৯৯ চনৰ পৰা ১৭৮৮ চনলৈ শিৱসাগৰ আছিল আহোম ৰজাসকলৰ ৰাজধানী।১৮১৯ চনত ব্ৰহ্মদেশৰ হাতত পৰাজিত নোহোৱা পৰ্য্যন্ত আহোম সকলে ছয় শ বছৰ ধৰি অসম শাসন কৰিছিল, তেওঁলোকৰ শাসক শ্ৰেণীবোৰ সকলো আছিল কিন্ত শাসন কাৰ্য মছ খাই গৈছিল । ৰাজ্যখন মুক্ত কৰা হৈছিল ব্ৰিটিছ সকলৰ দ্বাৰা ১৮২৫ চনত কিন্তু ৰাজ্যত চলা নৈৰাজ্যৰ কাৰণে ১৮২৬ চনতহে সম্পূৰ্ণ অধিগ্ৰহণ কৰিব পৰা হয় ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা । প্ৰশাসনিক উদ্দেশ্যৰে ব্ৰিটিছ সকলে ইয়াক তিনিটা ভাগত উপ-বিভাগ কৰি লৈছিল । কোৱা হৈছিল যে শিৱসাগৰৰ মূল বা আচল নাম আছিল `কলঞ্চুপাৰ`, `কলঞ্চু গোহাঁই`ৰ নাম অনুসৰি । তেওঁ বৰ্তমানৰ শিৱসাগৰ পুখুৰী থকা ঠাইৰ এখন গাঁৱত বাস কৰিছিল । চহৰখনৰ মূখ্য আকৰ্ষণ হ`ল ইয়াৰ ৰজাঘৰীয়া বৃহৎ জলাশয়বোৰ যাৰ নামেৰে ই নামংকিত হৈছে । ২৫৭ একৰ (১.০৪ কিঃ) ভূমিৰ এটা পুখুৰী যাক কোৱা হয় বৰ পুখুৰী বুলি যিটো চহৰৰ বকীবোৰতকৈ উচ্চ স্থানত আছে । ইয়াৰ পাৰত তিনিটা মন্দিৰ আছে । এই মন্দিৰবোৰৰ ভিতৰত অটাইতকৈ গুৰুত্বপূৰ্ণ মন্দিৰটো হ`ল শিৱদৌল, ১০৪ ফুট ওখ (৩২ মিঃ) শিৱৰাত্ৰীৰ দিনা বৃহৎ পৰিমনৰ লোক আহি ইয়াত গোট খাইহি ।আন আন মন্দিৰবোৰ হ`ল বিষ্ঞুদৌল আৰু দেৱী দৌল । ৰাজকাৰেং বা ৰাজপ্ৰাসাদ আৰু তলাতল ঘৰ শিৱসাগৰ চৌহদত জাকজমকতাৰে জিলিকি জয়সাগৰ পুখুৰীৰ ওচৰত সৰ্বসন্মতিৰে বিৰাট উৎসৱৰ আয়োজন কৰি ঐতিহাসিক ধ্বজ্জা উৰুৱাই আছে । ইয়াৰ দক্ষিণত আছে ফাকুৱা দৌল আঠটা প্ৰতীক বা অষ্টভূজ আকাৰত তাই- আহোমসকলৰ ব্ৰহ্মতত্ব অনুসৰি ধৰ্মীয় উদ্দেশ্যত ১৭০৩ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দ্বাৰা সজোৱা হৈছিল । ৰংঘৰক জনা যায় এছিয়া মহাদেশৰ বিতৰতে প্ৰথম খেলা-ধূলা বা ক্ৰীড়াংগন সংলগ্ন ঘৰ যিটো বৰ্তমান আকাৰত নিৰ্মান কৰিছিল প্ৰমত্ত সিংহই ১৭৪৬ খ্ৰীষ্টাব্দত । ই এতিয়াও শিৱসাগৰৰ পশ্চিম দিশত নিজৰ স্বাক্ষৰ বহন কৰি থিয় হৈ আছে । আহোম ৰাজত্বৰ দিনৰ পাঁচখন ৰাজধানী চহৰৰ ভিতৰত চৰাইদেউ, সৰাগুৱা, গড়গাওঁ আৰু ৰংপুৰ এই চাৰিখন শিৱসাগৰ জিলাৰ ভিতৰতে আছিল মাত্ৰ শেষৰখন কাষৰীয়া জিলা যোৰহাটত একেনামেৰে প্ৰতিষ্ঠা কৰিছিল ।

    পূৰ্বতে শিৱসাগৰ চহৰ পূবে চেৰেকাপাৰ, পশ্চিমফালে কাঠপাৰ, উত্তৰে জয়ৰাপাৰ আৰু দক্ষিণে ধুলীয়াপাৰেৰে আগুৰি আছিল । আহোম শাসনৰ শেষভাগলৈ ই শিৱপূৰ নামেৰে বৰ্তি থাকিল । ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পাছৰ পৰা যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আৰু সেই একে কাৰণতে ব্ৰিটিছ চৰকাৰে ক্ষমতা লৈ আনিছিল, ৰংপুৰৰ লগতে শিৱপুৰক জনা গৈছিল শিৱসাগৰ নামেৰে । ব্ৰিটিছ শাসনৰ সময়ত শিৱসাগৰ জিলাক তিনিটা উপ- বিভাগত বিভক্ত কৰিছিল, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট নামেৰে । ১৯১২ খ্ৰীষ্টব্দত জিলা সদৰ কাৰ্য্যালয় যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল, শিৱসাগৰক এটা মাত্ৰ মূখ্য কাৰ্য্যালয়ৰ উপ-বিভাগ হিচাবে ৰাখি । ই এনেদৰেই থাকি গৈছিল ১৯৮৩ চনলৈ যেতিয়া সেই বছৰৰে ১ জুলাই তাৰিখে অখণ্ড শিৱসাগৰৰ গোলাঘাটক অসম চৰকাৰে জিলা হিচাবে ঘোষণা কৰে। নতুনকৈ গঠিত শিৱসাগৰ জিলাখনৰ তিনিটা উপ সংমণ্ডল আছে যেনে-শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউ ।

    শিৱসাগৰখন ৰাজ্যৰ আন ঠাইৰ পৰা পথ পৰিবহন ব্যৱস্থাৰে ভালদৰে সম্পৰ্কীত । ৰাজ্যিক পৰিবহন ব্যৱস্থা (এ এচ টি চি) ৰ দ্বাৰা সংযোজিত গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা যাতায়তৰ কাৰণে সুব্যৱস্থা আছে। ব্যক্তিগত পৰিবহন ব্যৱস্থাও সুচল । ভাড়াত পোৱা টেক্সীৰ লগতে অটোৰিক্সাকে ধৰি আন আন পৰিবহন ব্যৱস্থাও চহৰৰ বাহিৰ-ভিতৰ সকলোতে পৰ্যাপ্ত ।নাজিৰা, মেচাগড় আৰু জয় সাগৰৰ পৰা শিৱসাগৰলৈ টাটা মেজিক,টেম্পো আদিৰ দৰে সস্তীয়া সুচল পৰিবহন ব্যৱস্থা আছে। যোৰহাটত থকা যোৰহট বিমান বন্দৰ শিৱসাগৰৰ পৰা ৭৫ কিলোমিটাৰ দূৰত্বত আৱস্থিত । শিৱসাগৰৰ পৰা যোৰহাট হৈ গুৱাহাটী, কলকতা, বাঙ্গালোৰ আৰু দিল্লীলৈ প্ৰতিদিনে যাব পৰা বিমান পৰিবহন ব্যৱস্থাৰ সুবিধা আছে ।শিৱসাগৰৰ লগত ডিব্ৰুগড় আৰু শ্বিলঙৰ ভাল সংযোগ ব্যৱস্থা আছে । ডিব্ৰুগড় হৈ বিমান পথেৰে শিৱসাগৰৰ পৰা যাব পৰা সুবিধা আছে যিখন চহৰ শিৱসাগৰৰ পৰা ৯৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত । যোৰহাট আৰু ডিব্ৰুগড়ৰ পৰা সঘনে যোৱা বিমান সেৱা লাভ কৰাৰো সুবিধা আছে ।শিৱসাগৰ চহৰৰ পৰা দুয়োটা বিমান বন্দৰলৈ ভাল টেক্সী সেৱা আছে । ডিব্ৰুগড়-বাঙ্গালোৰ এক্সপ্ৰেছ শিৱসাগৰ চহৰৰ ৰেলৱে ষ্টেচন হৈ যাত্ৰা কৰে । তিনিচুকীয়া-গুৱাহাটী খণ্ডৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ আটাইতকৈ ওচৰত থকা ষ্টেচনটো হ`ল শিমলুগুৰি ষ্টেচন যিটো ১৬ কিলোমিটাৰ(৯.৯ মাইল) দূৰত্বত অৱস্থিত শিৱসাগৰ চহৰৰ পৰা । শিমলুগুৰিৰ পৰা শিৱসাগৰলৈ প্ৰায় আধা ঘণ্টাৰ পথ ।

    ৩৩.৯৩ বৰ্গ কিলোমিটাৰৰ উন্নত দ-সেমেকা ভূমিৰ পৰিৱেশ ব্যৱস্থাৰে ব্ৰক্ষ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত শিৱসাগৰ জিলাত হৈছে স্থানীয় আৰু বিদেশী পৰিভ্ৰমী চৰাইৰ ভূ-স্বৰ্গ । এই ভূ-স্বৰ্গ খনত এতিয়ালৈকে ১৬৫ বিধৰো বেছি চৰাই চিনাক্ত কৰা হৈছে । এই চৰাইবোৰৰ ভিতৰত বনৰীয়া ৰাজহাঁহ আৰু আন চৰাইৰ উচ্চ অভিনিবেশ মন কৰিবলগীয়া । সাধাৰণ প্ৰজাতিৰ ভিতৰত উদংমুৰীয়া ৰাজহাঁহ, মূগা ঠেঙৰ ৰাজহাঁহ, ফুটফুটীয়া হাঁহ, মালাৰ্ড, গাডৱাল, উইগন, গাৰগেনি, শ্বোভেলাৰ, ৰঙাচূড়াৰ পোচাৰ্ড, সাধাৰণ পোচাৰ্ড, ফেৰুগিনাচ হাঁহ, এডজুটেণ্ট ষ্টৰ্ক, লেচাৰ এডজুটেণ্ট ষ্টৰ্ক, অপেন বিল ষ্টৰ্ক,বগা গলৰ ষ্টৰ্ক, জলচৰ জীৱ, বিভিন্ন প্ৰজাতিৰ মাছ চিনাক্ত কৰা হৈছে, লগতে বিভিন্ন প্ৰজাতিৰ ভেকুলি, সাপ আৰু আন উভচৰ আৰু সৰিসৃপ পোৱা যায় ।

    ২০০১ চনৰ ভাৰত জৰিপ (৩) আনুসৰি শিৱসাগৰৰ জনসংখ্যা ৫৩,৮৫৪ জন।শিৱসাগৰৰ স্বাক্ষৰতাৰ হাৰ ৮১%, ৰাষ্ট্ৰীয় হাৰত কৈ (৫৯.৫%) বেছি । তাৰ ভিতৰত পুৰুষ স্বাক্ষৰতাৰ হাৰ ৮৩% আৰু মহিলা স্বাক্ষৰতাৰ হাৰ ৭৯% । চহৰৰ সৰহ সংখ্যক বসিন্দা অসমীয়া, আহোম, কোঁচ, অসমীয়া হিন্দু, অসমীয়া মুছলমান আৰু আন নৃগোষ্ঠীয় অভিভাষীৰ লোক ।

    কেনেকৈ যাব পাৰি

    অৱস্থান বিৱৰণ

    শিৱসাগৰ অসমৰ এখন ঐতিহাসিক আৰু উন্নত সাংস্কৃতিক পৰম্পৰাৰে ভৰপূৰ চহৰ । চহৰখন গুৱাহাটীৰ পৰা ৩৫০ কিঃ মিঃ দূৰত্বত । ই পথ আৰু ৰেল যোগাযোগেৰে সংযোজিত চহৰ । আটাইতকৈ ওচৰৰ বিমান বন্দৰ ৰৰৈয়া (যোৰহাট) এই চহৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ডিব্ৰুগড়- নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰেল চলে ওচৰৰ ৰেলৱে ষ্টেচন শিমলুগুৰী হৈ, মাত্ৰ কেই কিলোমিটাৰমান দূৰ শিৱসাগৰ চহৰৰ পৰা ।