মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয়, অসম

  • অৱলোকন

    অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় আইন২০১০ ৰ অধীনত প্ৰতিষ্ঠা হোৱা অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় (আৰগুকম) হৈছে দেশৰ ভিতৰতে প্ৰথম সমবায় পৰিচালিত বিশ্ববিদ্যালয় । আৰগুকম ইউ জি চি ৰ পঞ্জীয়ণ নং এফ.৯-২১/২০১১ (চিপিপি -১/পি ইউ) তাং, ফেব্ৰুৱাৰী ২৭, ২০১২ ৰ অধীনত স্বীকৃতি প্ৰাপ্ত ।

    বৌদ্ধিক বিকাশ আৰু শিক্ষণ, গুণ-দক্ষতা আৰু পৰিচালন ক্ষমতা বৃদ্ধিৰ কাৰণে প্ৰশিক্ষণ আৰু নতুন ক্ষেত্ৰস্থলত অনুসন্ধানৰ কাৰণে গৱেষণা আৰু প্ৰচেষ্টাৰে সৰ্বতো প্ৰকাৰৰ উন্নতি, সমবায় আন্দোলন আৰু গ্ৰাম্য অৰ্থনীতি বৃদ্ধিৰ মূল লক্ষ্যৰে সৈতে উজনি অসমৰ শিৱসাগৰ জিলাত স্থাপন কৰা এই বিশ্ববিদ্যালয় খন এখন শৈক্ষিক আৰু আবাসিক বিশ্ববিদ্যালয়।

    আৰগুকম এখন বিশিষ্ট বা বিশেষ বিশ্ববিদ্যালয় আৰু ইয়াৰ প্ৰচেষ্টা সমূহো অভিনৱ আৰু পৰিণাম কেন্দ্ৰিক। আমি বিদ্যাৰ্থী সকলৰ শিক্ষাৰ তৃণমূল পৰ্য্যায়ত বেছি গুৰুত্ব প্ৰদান কৰো যাতে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ কেৱল মাত্ৰ কিতাপৰ পাততে সীমাৱদ্ধ নাথাকে।

    চাৰিটা স্তম্ভ

    বিশ্ববিদ্যালয়খন চাৰিটা স্তম্ভৰ ওপৰত থিয় হৈ আছে যেনে-শিক্ষা, গৱেষণা, প্ৰশিক্ষণ আৰু উন্নতি, সংক্ষেপতে ই আৰ টি পি ।বিশ্ববিদ্যালয়ে সমবায় খণ্ডৰ যুবক, খেতিয়ক, সহযোগকাৰী, বিষয়া সকল যেনে ব্যৱস্থাপক ইত্যাদিৰ প্ৰয়োজন পুৰ কৰিব। বিশ্ববিদ্যালয়ে প্ৰযত্ন হাতত লৈছে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন আনি সহযোগৰ নীতিত সংযুক্ত হোৱা আৰু স্বাৱলম্বীতাৰ কাৰণে সমবায় প্ৰতিষ্ঠান আৰম্ভ কৰা ।

    আৰগুকমৰ বিদ্যালয়বোৰ

    অসম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটী অফ্ ক`অপাৰেটিভ মেনেজমেণ্টৰ পাঁচখন বিদ্যালয় যিকেইখনে বৰ্তমান কাম কৰি আছে সেইকেইখন হ`ল

    • উদ্যোগী আৰু সঞ্চালন বিভাগ
    • উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যা বিভাগ
    • সাংস্কৃতিক আৰু সঞ্চালন বিভাগ
    • গণনীতি বিদ্যা আৰু আইনী বিভাগ
    • পৰিস্থিত বিজ্ঞান আৰু অৱলম্বন বিভাগ

    চৌহদৰ বিষয়ে

    অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় এখন আবাসীক বিশ্ববিদ্যালয়ৰ যিখন বৰ্তমান চলি আছে এটা অস্থায়ী চৌহদত । যদিও বিশ্ববিদ্যালয় খনে এটা অস্থায়ী চৌহদত কাম-কাজ চলাই আছে,তথাপিও পৰ্যাপ্ত আচ-বাবেৰে পৰিপূৰ্ণ এটা আধুনিক আলোচলা ঘৰ, এটা গ্ৰন্থাগাৰ, এটা কম্পিউটাৰ লেব আৰু শ্ৰেণী কোঠা সমূহ আছে।

    বিশ্ববিদ্যালয়খনৰ প্ৰস্তাৱিত স্থান হ`ল ২৫০ বিঘা অংশীভূত ভূমিৰে সৈতে ডিমৌ পথাৰ, সলগুৰি মৌজা, আমগুৰি মণ্ডল এলেকাত। বিশ্ববিদ্যালয়ে ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কাম হাতত লৈছে । অঞ্চলটোত আন্তগাঁঠনিৰ কাম অতি সোনকালে আৰম্ভ কৰা হ`ব বুলি আশা কৰা হৈছে ।

    পৰিকল্পনা

    আৰগুকমৰ পৰিকল্পনা-২০২১:

    এখন মনে বিচৰা বিশ্ববিদ্যালয় ক্ৰমবিকশিত কৰিবলৈ ( ছাত্ৰ, পিতৃ, মাতৃ, গ্ৰাম্য খণ্ড, শিক্ষক, সমবায় আৰু চৰকাৰী সংগঠন আৰু বহল ভিত্তিত সমাজৰ দ্বাৰা ) আসাধাৰণ ভাৱমূৰ্তিৰ পৰিৱৰ্তনৰ সাধ্যতাৰে কেন্দ্ৰীয় অৰ্হতা ধৰি ৰাখি অগ্ৰগামী পাঠ্যক্ৰমৰ পৰিকল্পনাৰে আৰু শিক্ষা-শিক্ষণত পণ্ডিত প্ৰবৰ শিক্ষকৰ আজীৱন শিক্ষণৰ প্ৰতিশ্ৰুতিৰে আৰু ছাত্ৰৰ কাৰণে জীৱন গঢ়াৰ সুযোগ, তাৰোপৰি অনুঘটকৰ ভাও লৈ সৰ্বত্ৰে আৰ্থ-সামাজিক আৰু অসমৰ গ্ৰাম্য জীৱনৰ উন্নতি কৰিবলৈ সমবায় পৰিচালনাৰ জৰিয়তে চেষ্টা কৰা হৈছে ।

    লক্ষ্য

    • পৰিবৰ্তনৰ কাৰণে আন্তঃগাঁঠনি আৰু পৰিবেশৰ উন্নতি কৰিবলৈ নতুন জ্ঞানৰ ঘাৰক আৰু বহুল প্ৰচাৰক ।
    • প্ৰতিষ্ঠানটোৰ অসাধাৰণ ভাৱমূৰ্তি সৃষ্টি কৰিবলৈ বহল ভিত্তিত অংশ গ্ৰহনেৰে আৰু ছাত্ৰৰ, সমবায়, জোঁটবন্ধন, চৰকাৰী সংগঠন আৰু বৃহৎ পৰিমানৰ সমাজৰ / ৰাজহুৱা বৰঙণীৰে ---।
    • কেন্দ্ৰীয় অৰ্হতা বূদ্ধি কৰিবলৈ অগ্ৰগামী পাঠ্যক্ৰমৰ পৰিকল্পনাৰে আৰু শিক্ষা-শিক্ষণৰ ওজা শিক্ষক বূদ্ধিৰ কেন্দ্ৰ গঢ়ি তুলিবলৈ
    • ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ লগত সহযোগ কৰিবলৈ অনুসন্ধান প্ৰতিষ্ঠান, গবেষণাৰ কাৰণে বিশ্ববিদ্যালয়ৰ আধ্যাপকৰ বিনিময় কাৰ্যসূচী ।
    • সুস্থিৰ মঞ্চ এখন লাগিব ছাত্ৰসকলৰ শিক্ষণ আৰু জীৱন গঢ়াৰ বাবে ।
    • সকলো ক্ষেত্ৰত আৰ্থ-সানাজিক আৰু অসমৰ গ্ৰাম্য জীৱনৰ উন্নতিৰ কাৰণে কমবায় আৰু পি পি পি পি (পিপল, পাবলিক, প্ৰইভেট আৰু পাৰ্টনাৰচিফ) আকাৰত অনুঘটকৰ ভাও লৈ কাম কৰিব লাগিব ।
    • জ্ঞনী আৰু অনুপ্ৰাণিত আধ্যাপক সদস্য আৰু সৰ্মচাৰীৰ সংগঠন সূষ্টি কৰিবলৈ আৰু তেওঁলোকৰ পেছাগত আৰু ব্যক্তিগত শ্ৰীবূদ্ধি ঘটোৱা ।
    • ভাৰতবৰ্ষ আৰু বিদেশৰ পৰা পি এছ ডি পণ্ডিত আৰু ছাত্ৰক আকৰ্ষণ কৰিবলৈ ।