মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

বৈধানিক/শাসকীয় বৰ্গ

  • দৰবাৰ / কোৰ্ট

    তলত উল্লেখ কৰা ব্যক্তিসকলেৰে দৰবাৰ গঠিত হয়ঃ

    (ক) পদেন সদস্যসকল

    • আচাৰ্য
    • উপাচাৰ্য
    • পঞ্জীয়ক (প্ৰশাসন) সদস্য সচিব
    • পঞ্জীয়ক (বিদ্যায়তনিক)
    • অসমৰ সহযোগী বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীমহোদয়
    • সহযোগী বিভাগৰ অধ্যক্ষ সচিব । তেওঁৰ অনুপস্থিতিত অসম চৰকাৰৰ সচিব, সহযোগী বিভাগ
    • অসম সমবায় সমিতিৰ পঞ্জীয়ক, অসম সহযোগী বিভাগ
    • নাবাৰ্ডৰ আঞ্চলিক মুৰব্বী, উত্তৰ-পূৰ্বাঞ্চল
    • অসম সমবায় সমিতিৰ পঞ্জীয়ক
    • অসম কৃষি বিভাগৰ সঞ্চালক
    • সভাপতি / মূখ্য কাৰ্য্যবাহী বিষয়া, অসম ৰাজ্যিক সমবায় সংঘ
    • প্ৰখ্যাত প্ৰতিষ্ঠানৰ সদস্যসকল । সংগঠন যেনে ৱেমনিকম,টাটা সমাজ বিঞ্জান প্ৰতিষ্ঠান /এন ডি ডি বি/এন এফ ডি বি/আই আৰ এম এ ইত্যাদি, সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা স্বীকৃত বিষয়।
    • আই আই এম ৰ আঞ্চলিক মুৰব্বী, উত্তৰ-পূৰ্বাঞ্চল
     

    (খ) আন সদস্যসকল

    • গুণ-অৰ্হতাৰ তথ্যাৱলীৰ পৰীক্ষাৰ জৰিয়তে কাৰ্য্যকৰী পৰিষদৰ দ্বাৰা দিয়া পৰামৰ্শ অনুযায়ী পৃ ষ্ঠপোষক সকলৰ মাজৰ পৰা তিনিজনতকৈ কম আচাৰ্যৰ দ্বাৰা মনোনীত কৰা সদস্য আৰু যিসকল আন কোনো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সদস্য নহয় ।
    • তেওঁলোকৰ মাজৰ পৰা দুজন ব্যক্তি অসম বিধান সভাৰ সদস্য সকলৰ দ্বাৰা নিৰ্বাচন কৰা হ`ব আৰু তেওঁলোক আন কোনো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সদস্য হ`ব` নালাগিব।
    • গুণ-অৰ্হতাৰ তথ্যাৱলীৰ পৰীক্ষাৰ জৰিয়তে কাৰ্যকৰী পৰিষদৰ দ্বাৰা দিয়া পৰামৰ্শ অনুযায়ী সমবায়, আইন, বাণিজ্য, অৰ্থনীতি, সামাজিক আৰু গ্ৰাম্য অৰ্থনীতি আৰু সাধাৰণ জনজীৱনৰ পৰা পাঁচজন বিশিষ্ট ব্যক্তি আচাৰ্য্যৰ দ্বাৰা মনোনীত কৰা হয় আৰু যিসকল আন কোনো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সদস্য নহয় ।
    • গুণ-অৰ্হতাৰ তথ্যাৱলীৰ পৰীক্ষাৰ জৰিয়তে কাৰ্য্যকৰী পৰিষদৰ দ্বাৰা দিয়া পৰামৰ্শ অনুযায়ী দুজন প্ৰখ্যাত সমবায়কাৰী আচাৰ্য্যৰ দ্বাৰা মনোনিত কৰা হ`ব আৰু তেওঁলোক আন কোনো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সদস্য হ`ব নালাগিব ।
    • তেওঁলোকৰ মাজৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা দুজন প্ৰতিনিধি ( এজন পুৰুষ আৰু এগৰাকী মহিলা ) নিৰ্বাচিত কৰা হ`ব ।
     

    উল্লেখযোগ্য যে এজন ছাত্ৰ যিজনক নিৰ্বাচিত কৰা হ`ব তেওঁ অতি কমেও তেওঁৰ নিৰ্বাচনৰ এবছৰৰ আগৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ হ`ব লাগিব।

    আৰু অধিক উল্লেখযোগ্য যে কোনো এজন ছাত্ৰ যিজনে পাঠ্যক্ৰমৰ কাৰণে নিৰ্ধাৰিত কৰা সময়তকৈ এবছৰৰ বেছি সময় নলয় তেওঁক তেনেকুৱা নিৰ্বাচনৰ কাৰণে যোগ্য বুলি বিবেচনা কৰা হয় ।

    যি কাৰণতে নহওক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা আয়োজিত নিৰ্বাচনী অনুষ্ঠানত ,ছাত্ৰ সমাজৰ সৈতে হোৱা আলোচনা মৰ্মে উপাচাৰ্য্যই তেওঁলোকৰ মাজৰ পৰা দৰবাৰ বা ক`ৰ্টত প্ৰতিনিধি হ`বৰ কাৰণে দুজন(এজন পুৰুষ আৰু এগৰাকী মহিলা)প্ৰতিনিধি মনোনীত কৰিব পাৰিব।

    কাৰ্য্যকৰী পৰিষদ

    কাৰ্য্যকৰী পৰিষদখন হ`ব বিশ্ববিদ্যালয়ৰ কাৰ্য্যকৰী সংস্থা আৰু তলত উল্লেখ কৰা সদস্য সকলৰ দ্বাৰা ইয়াক গঠন কৰা হয়, নাম অনুসৰি

    (ক) পদেন সদস্যসকল

    • উপাচাৰ্য
    • সকলোবোৰ পঞ্জীয়ক
    • অসম সমবায় সমিতিৰ পঞ্জীয়ক
     

    (খ)অন্য সদস্যসকল

    • বিশ্ববিদ্যালয়ৰ বিভাগ সমূহৰ দুজন মুৰব্বী অধ্যাপক যি কেইজনক জ্যেষ্ঠতা অনুসৰি আৱৰ্তনৰ দ্বাৰা তিনি বছৰৰ কাৰণে উপাচাৰ্য্যৰ দ্বাৰা মনোনীত কৰা হয়।
    • সমবায় বিভাগত অসমৰ ৰাজ্যিক চৰকাৰৰ দ্বাৰা মনোনীত কৰা এজন ব্যক্তি।
    • জ্যেষ্ঠতা অনুসৰি আৱৰ্তনৰ দ্বাৰা তিনি বছৰৰ কাৰণে বিশ্ববিদ্যালয়ৰ অধ্যাপক সমূহৰ অধ্যক্ষ সমূহৰ পৰা উপাচাৰ্য্যই মনোনীত কৰা এজন অধ্যক্ষ অধ্যাপক।
    • দৰবাৰৰ দ্বাৰা ইয়াৰ বাৰ্ষিক সাধাৰণ সভাত নিৰ্বাচিত বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সকলৰ বাহিৰে দৰবাৰৰ দুজন সদস্য।
    • গুণ-অৰ্হতাৰ তথ্যাৱলী আদি পৰীক্ষা কৰাৰ পাছত কাৰ্য্যকৰী পৰিষদৰ দ্বাৰা ইয়াৰ সভাত দিয়া পৰামৰ্শৰ ভিত্তিত আচাৰ্যৰ দ্বাৰা মনোনীত কৰা দুজন ব্যক্তি।
     

    বিদ্যায়তনিক পৰিষদ

    বিদ্যায়তনিক পৰিষদ

    • বিদ্যায়তনিক পৰিষদ খন হ`ব বিশ্ববিদ্যালয়ৰ শৈক্ষিক গোট আৰু ই আইনৰ প্ৰবিধান সমূহৰ অধীনত থাকিব,ইয়াৰ ওপৰত আইন আৰু অধ্যাদেশ সমূহৰ নিয়ন্ত্ৰণ আৰু সাধাৰণ নিয়ম আছে আৰু ই বিশ্ববিদ্যালয়ৰ ভিতৰৰ অধ্যাপনা,শিক্ষা আৰু পৰীক্ষাৰ মান ৰক্ষাৰ কাৰণে দায়িত্বশীল হ`ব।
    • বিদ্যায়তনিক পৰিষদখন তলত উল্লেখ কৰা সদস্য সকলৰ দ্বাৰা গঠন কৰা হৈছে।নাম অনুসৰি
     

    পদেন সদস্যসকল

    • উপাচাৰ্য
    • ডীন অফ্ ফেকালটী
    • বিশ্ববিদ্যালয়ৰ অধ্যাপকসকল
    • বিশ্ববিদ্যালয়ৰ ৰীডাৰ, যিসকল বিভাগৰ মুৰব্বী
    • বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক
     

    বিত্তীয় সমিতি

    বিশ্ববিদ্যালয়ৰ এখন বিত্তীয় সমিতি আছে যিখন গঠন কৰা হৈছে তলত উল্লেখ কৰা সদস্যসকলেৰে – নাম অনুসৰি

    • সভাপতি হিচাপে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য
    • দৰবাৰৰ দ্বাৰা ইয়াৰ সদস্য সকলৰ মাজৰ পৰা নিৰ্বাচিত দুজন সদস্য
    • কাৰ্য্যকৰী পৰিষদৰ দ্বাৰা ইয়াৰ সদস্য সকলৰ মাজৰ পৰা নিৰ্বাচিত দুজন সদস্য
    • ৰাজ্য চৰকাৰৰ দ্বাৰা মনোনীত দুজন সদস্য, এজন সমবায় বিভাগত আৰু আনজন বিত্তীয় বিভাগত
     

    বাছনি সমিতি

    অধিনিয়মৰ দ্বাৰা নিৰ্ধাৰিত নিয়ম অনুসৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক,ৰীডাৰ,পঞ্জীয়ক,কোষাধক্ষ,গ্ৰন্থাগাৰিক আৰু আন কৰ্মচাৰী সকলৰ নিযুক্তিৰ কাৰণে কাৰ্য্যকৰী পৰিষদৰ লগত পৰামৰ্শ কৰিবলৈ এখন বাছনি সমিতি আছে যি খন তলত উল্লেখিত সদস্য সকলৰ দ্বাৰা গঠন কৰা হৈছে:

    • বাছনি সমিতিৰ সভাপতি হিচাপে উপাচাৰ্য্য
    • পঞ্জীয়ক (প্ৰশাসন) জন হৈছে পঞ্জীয়কৰ নিযুক্তিৰ কাৰণে বাছনি সমিতিৰ পদেন সদস্য সচিব,য`ত কাৰ্য্যকৰী পৰিষদৰ সৈতে আলোচনা কৰি উপাচাৰ্যই এজন ব্যক্তিক সদস্য সচিব হিচাপে মনোনীত কৰিব পাৰে
    • প্ৰয়োজন সাপেক্ষে যি কোনো পদত নিযুক্তি প্ৰদান কৰিবৰ কাৰণে প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ কাৰ্য্যকৰী পৰিষদৰ লগত পৰামৰ্শ কৰি উপাচাৰ্য্যই এখন বাছনি সমিতি গঠন কৰিব,বাছনি সমিতি খন গঠনৰ কাৰণে সদস্যৰ সংখ্যা উপাচাৰ্য্য আৰু পঞ্জীয়ক(প্ৰশাসন)সহ ৭ জনৰ অধিক আৰু ৩ জনৰ কম হ`ব নালাগিব
    • য`ত কাৰ্য্যকৰী পৰিষদে বাছনি সমিতিৰ দ্বাৰা যোগ্যতা অনুসৰি নিৰ্ধাৰণ কৰা নিয়মতকৈ আনধৰণেৰে অধ্যাপক,ৰীডাৰ বা প্ৰবক্তাৰ পদৰ ক্ষেত্ৰত নিযুক্তি প্ৰদানৰ কাৰণে প্ৰস্তাৱ আগবঢ়ায়,তেতিয়া ই ইয়াৰ কাৰণ সমূহ লিখিত ৰূপত নথিভূক্ত কৰি দাখিল কৰিব লাগে,যি জনে প্ৰস্তাৱটো হয়টো অনুমোদন কৰিব বা কাৰ্য্যকৰী পৰিষদলৈ অনুমোদনৰ কাৰণে ঘূৰাই পঠাব।পুনৰ বিবেচনাৰ পিছত যদি কাৰ্য্যকৰী পৰিষদে ইয়াৰ মূল প্ৰস্তাৱটো উদ্দেশ্যপূৰ্ণ হোৱাটো বিছাৰে তেতিয়া ইয়াক সম্পূৰ্ণ ন্যায্যতাৰ সৈতে পুনৰ আচাৰ্য্যৰ ওচৰলৈ তেওঁৰ সিদ্ধান্তৰ বাবে পঠিয়াব পাৰে,যিটো হ`ব চূড়ান্ত সিদ্ধান্ত।
     

    পৰীক্ষা সমিতি

    পৰীক্ষা সমিতিখন তলত উল্লেখ কৰা সদস্যৰে গঠিত হব:

    • সভাপতি হিচাপে আচাৰ্য্য
    • পঞ্জীয়ক (বিদ্যায়তনিক)
    • আধ্যাপকসকলৰ মাজৰ পৰা তিনিজন ব্যক্তি আৰু / বা বিদ্যায়তনিক পৰিষদৰ দ্বাৰা মনোনীত বিশ্ববিদ্যালয়ৰ বিভাগীয় মুৰব্বীসকল
    • বিদ্যায়তনিক পৰিষদৰ দুজন সদস্য যিকেইজন অধ্যাপক বা বিশ্ববিদ্যালয়ৰ বিভাগীয় মুৰব্বী নহয়।
    • উপাচাৰ্য্যই মনোনীত কৰা দুজন সদস্য যি দুজন অধ্যাপক বা বিশ্ববিদ্যালয়ৰ বিভাগীয় মূৰব্বী হ`বও পাৰে বা নহ`বও পাৰে।
    • সদস্য সচিব হিচাপে পৰীক্ষা নিয়ন্ত্ৰক ।
     

    তত্বাৱধায়ক সমিতি

    বিশ্ববিদ্যালয়ৰ সকলো ধৰণৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ কাৰণে এখন তত্বাৱধায়ক সমিতি থাকিব যিখন তলত দিয়া ধৰণে গঠন কৰা হৈছে:

    • সভাপতি হিচাপে উপাচাৰ্য্য
    • সকলো পঞ্জীয়ক
    • বিত্তীয় আৰু হিছাপ পৰীক্ষক বিষয়া
    • কোষাধ্যক্ষ
    • মুখ্য অভিযন্তা বা তেওঁৰ অনুপস্থিতিত কাৰ্য্যবাহী অভিযন্তা
    • ভূ-সম্পত্তি বিষয়া সদস্য সচিব হিচাপে
    • বিশ্ববিদ্যালয়ৰ স্বাৰ্থত প্ৰয়োজনীয় বুলি বিবেচনা কৰা বিশ্ববিদ্যালয়ৰ যিকেনো বিষয়াক সমিতিয়ে সহযোগিত কৰিব ।
     

    উন্নয়ন আৰু পৰিচালনা সমিতি

    বিশ্ববিদ্যালয়ৰ এখন উন্নয়ন আৰু পৰিচালনা সমিতি আছে । তলত উল্লেখ কৰা ব্যক্তিসকলেৰে এই সমিতি খন গঠন কৰা হৈছে,নাম অনুসৰি :

    • সভাপতি হিচাপে উপাচাৰ্য্য
    • পঞ্জীয়ক (প্ৰশাসন)
    • বিত্তীয় আৰু গাণনিক বিষয়া
    • কাৰ্যকৰী পৰিষদৰ দ্বাৰা মনোনিত কৰা এজন সদস্য
    • নিৰাপত্তা বিষয়া
    • মুখ্য অভিযন্তা বা তেওঁৰ অনুপস্থিতিত কাৰ্য্যবাহী অভিযন্তাজন থাকিব সদস্য সচিব হিচাবে ।
     

    যি নহওক সমিতিখনে যদি প্ৰয়োজনীয় বুলি ভাৱে বিশ্ববিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা প্ৰক্ৰিয়াত জড়িত থকা বিশ্ববিদ্যালয়ৰ যিকোনো বিষয়াক সদস্য হিচাপে সহযোগিত কৰিব পাৰে।