মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

সাফল্য লাভ

বিশ্ববিদ্যালয়ৰ চৌহদত হোৱা নৱনিযুক্তি -২০১৬

প্ৰথম চৌহদ নিযুক্তি প্ৰতিষ্ঠানৰ সক্ষাৎকাৰত আই চি আই চি আই প্ৰুডেন্চিয়েলত এদল ছাত্ৰক নিযুক্তি প্ৰদান

অসম ৰাজীৱ গান্ধী সমবায় পৰিচালন বিশ্ববিদ্যালয়(আৰগুকম), শিৱসাগৰে কৃতকাৰ্যতাৰে ইয়াৰ বি বি এ ছাত্ৰৰ প্ৰথম চামক বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হৈছে । ২০১৬ চনৰ ১২ জানুৱাৰীত অনুষ্ঠিত হোৱা প্ৰথম চৌহদ নিযুক্তি প্ৰতিষ্ঠানত ৮ জন ছাত্ৰ আই চি আই চি আই প্ৰুডেন্চিয়েলৰ দ্বাৰা অসমৰ বিভিন্ন জিলাৰ কাৰণে গোট পৰিচালক / ব্যৱসায়ীক পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।

বিশ্ববিদ্যালয়ৰ বঁটাসমূহ

ভাৰতৰ প্ৰথম খন সমবায় পৰিচালন বিশ্ববিদ্যালয় স্থাপনৰ সফলতাই স্বীকৃতি লাভ কৰিছিল প্ৰথম বিদ্যায়তনিক বৰ্ষ আৰম্ভ হোৱাৰ এবছৰৰ ভিতৰতে । বিশ্ববিদ্যালয়ে অগা-পিচাকৈ দুটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ২০১৪ চনত ।

  • ৰাষ্টীয় শিক্ষা উৎকৃষ্ট বঁটা,২০১৪, গ্ৰহ অনুসন্ধান প্ৰতিষ্ঠান (বিশ্ব শিক্ষা ফাউণ্ডেছনৰ সহযোগত) ৰ দ্বাৰা প্ৰদান কৰা হয় ২০১৪ চনৰ জুন মাহত, উৎকৃষ্ট সমবায় পৰিচালন বিশ্ববিদ্যালয় হিচাপে ।
  • ২০১৪ চনৰ ৮ আগষ্টত নতুন দিল্লিত অনুষ্ঠিত হোৱা এলিট্চ ওৱৰ্ল্ড এডুকেশ্বন চামিট,২০১৪ ত চৰকাৰী খণ্ডৰ শিক্ষা উদ্যোগ হিচাপে বিশেষ নিৰ্ণায়ক বঁটা লাভ কৰে।
 

যুৱ সাংসদ প্ৰতিযোগিতাত সাফল্য লাভ

আৰগুকমৰ ৰ পৰা ছাত্ৰসকলে বিশ্ববিদ্যালয় চৌহদত ২০১৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা যুৱ সাংসদ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল আৰু দলগতভাৱে জয়লাভ কৰিছিল,তেতিয়াৰ পৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত যোগদানৰ যোগ্যতা অৰ্জন কৰে অন্য পাঁচখন বিশ্ববিদ্যালয়ৰ লগত । বিশ্ববিদ্যালয়ৰ চৌহদত ২০১৫ চনৰ চেপ্তেম্বৰ মাহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু সাংসদীয় পৰিক্ৰমা মন্ত্ৰনালয়ৰ পৰা অহা বিষয়াৰ দ্বাৰা আনুষ্ঠানিকতাৰে বিবেচনা কৰা হৈছিল আৰু ৰাজ্যসভাৰ পৰা এজন সাংসদ, দলগত পৰ্য্যায়ৰ প্ৰতিযেগিতাৰ পৰা ৬ জন ছাত্ৰ আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ পৰা ৮ জন ছাত্ৰ যোগ্যতা প্ৰদৰ্শনৰ ভিত্তিত নিৰ্বাচন কৰা হৈছিল । ৰাষ্ট্ৰীয় পৰ্য্যায়ত জয়লাভ কৰা ছাত্ৰসকলে তেওঁলোকৰ বঁটা গ্ৰহণ কৰে সাংসদীয় পৰিক্ৰমা মন্ত্ৰনালয়ৰ দ্বাৰা নতুন দিল্লীত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত ।