মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

সংসাধন সমুহ

গ্ৰন্থাগাৰ

সকলোবোৰ আধুনিক সুবিধাৰে সজ্জিত বাতানূকুল পৰিবেশৰ গ্ৰন্থাগাৰ এটা বিশ্ববিদ্যালয়ৰ চৌহদত আছে। সমাগত বৰ্ষসমুহত গ্ৰন্থাগাৰৰ সকলোবোৰ নিয়ন্ত্ৰণ ডিজিটেলাইজড্ কৰা হব। সঠিক ইণ্টাৰনেটৰ উপলব্ধতাৰে কম্পিউটাৰৰ সুবিধাসমুহ দিব পৰাকৈ গ্ৰন্থাগাৰৰ ভিতৰত পৰ্য্যাপ্ত ঠাই আছে। বিশ্ববিদ্যালয় গ্ৰন্থাগাৰটোত যথোচিত পৰিমাণৰ কিতাপৰ আধাৰ গঢ়িবলৈ অহোপুৰুষাৰ্থভাৱে চেষ্টা চলাই থকা হৈছে। বিভিন্ন বিদ্যাপীঠসমুহৰ বাবে পাঠ্যপুঠিসমুহ ইতিমধ্যে কিনা হৈছে। গ্ৰন্থাগাৰটোৱে বিভিন্ন স্থানৰ ই-সংসাধনৰ নিয়মীয়া অনলাইন ক্ৰয়ো কৰিব। শিক্ষাৰ্থী আৰু অধ্যাপক সকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰদানকৰা কাৰ্ডৰ জৰিয়তে কিতাপবোৰ ব্যৱহাৰৰ বাবে লৈ যোৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। ইয়াত বহুতো বিশিষ্ট আলোচনী আৰু সাময়িক পত্ৰিকাৰ সংকলনো আছে। অৱশ্যে এই খণ্ডটো কিতাপ আৰু ই-সংসাধন খণ্ডৰ লগত কোনো ধৰণে সম্পৰ্কিত নহয়। যি নহওক কিয় গ্ৰন্থাগাৰিকৰ অনুমতি সাপেক্ষে নিয়মীয়া পত্ৰিকা, আলোচনী, দৈনিক আদিৰ অভিলেখিত পুৰনা সংকলন সমূহ আহৰণ কৰিব পৰা যায়। গ্ৰন্থাগাৰটোৱে ক্ৰয় কৰা বহুতো শৈক্ষিক পত্ৰিকাৰ অভিলেখো বহন কৰি আহিছে। অনাগত দিনসমূহত বিশ্ববিদ্যালয় পৰিয়ালৰ সদস্যৰ দ্বাৰা প্ৰণীত গৱেষনা পত্ৰ, প্ৰৱন্ধ, নিৱন্ধ আদিৰো সংকলন ৰখাৰ ব্যবস্থা কৰা হব।

কম্পিউটাৰ প্ৰয়োগশালা

বহুতো অত্যাৱশ্যকীয় আৰু ব্যবহাৰোপযোগী বিশেষত্ব সন্নিৱিষ্ট এটা কম্পিউটাৰ প্ৰয়োগশালা বিশ্ববিদ্যালয়ত আছে। প্ৰয়োগশালাটোত বৰ্ত্তমান ৪০ টাতকৈয়ো অধিক কম্পিউটাৰ আছে আৰু অদূৰ ভবিষ্যতে তাৰ সংখ্যা বঢ়াবলৈ বিশ্ববিদ্যালয়খনে চেষ্টা চলাই আছে। প্ৰয়োগশালাৰ কম্পিউটাৰবোৰৰ চফ্টৱেৰ সমূহ সাময়িক সংকৰণযুক্ত। কম্পিউটাৰ প্ৰয়োগশালাটোৱে শিক্ষাৰ্থীসকলক বিশেষকৈ ব্যৱহাৰিক জ্ঞান আহৰণ কৰাত সহায় কৰে আৰু নতুন কৌশল সমূহত দক্ষ কৰি তোলে। শিক্ষাৰ্থী আৰু শিক্ষক সকলে কাৰ্য্যালয় সময়সীমাৰ ভিতৰত এই কম্পিউটাৰ সমূহ ব্যৱহাৰ কৰি নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে। কম্পিউটাৰ সমূহ সুসজ্জিত আৰু নানা চফ্টৱেৰ আৰু হাৰ্ডৱেৰ সজুঁলিৰে উদ্ভাসিত।

সভা কক্ষ

প্ৰজেকচন আৰু শ্লাইড্ সংযোজনেৰে সজ্জিত, ঘূৰণীয়া মেজযুক্ত, বাতানুকুল এটা সভা কক্ষ আছে। দৰকাৰী বৈঠক, প্ৰতিপাদন, সাক্ষাৎকাৰ,সমূহ-চৰ্চা ইত্যাদি আয়োজন কৰিবলৈ এই কক্ষটো ব্যৱহাৰ কৰা হয়। শিক্ষৰ্থীসকলৰ বৃত্তিগত শিক্ষা গ্ৰহণৰ ব্যৱহাৰিক বাতাৱৰণ প্ৰদান কৰিব পৰাকৈ এই সভা কক্ষ পেছাদাৰীভাৱে বনোৱা হৈছে।

শ্ৰেণী কোঠা

সুচাৰুৰূপে পাঠদান সম্পন্ন কৰিব পৰাকৈ বিশ্ববিদ্যালয়ত সুসজ্জিত বাতানুকুল শ্ৰেণী কোঠা আছে। বিশ্ববিদ্যালয়ৰ প্ৰত্যেক শিক্ষাৰ্থীৰ বাবে সুকীয়াকৈ বহাৰ সুব্যৱস্থা আছে। গ্ৰীণ ব`ৰ্ড, হোৱাইট ব`ৰ্ড, প্ৰজেক্টৰ, এল.ই.ডি.ৰে শ্ৰেণী কোঠাসমুহ ডিজিটেলাইজড্ কৰা হৈছে। শ্ৰেণীকোঠাসমুহত ৩০ ৰ পৰা ৬০ জন শিক্ষাৰ্থী একেলগে বহিব পৰা ক্ষমতা আছে। অচিৰেই বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদত অধিক ক্ষমতাযুক্ত শ্ৰেণীকোঠাৰ নিৰ্মাণ কৰা হ`ব।