মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

মূল প্ৰমাণ-পত্ৰ লাভৰ কাৰণে আবেদন

নীতি / নিয়ম

১. মূল / আস্থায়ী প্ৰমাণ পত্ৰ লাভ কৰাৰ কাৰণে কৰা সকলো আবেদন পত্ৰ বিশ্ববিদ্যালয়ৰ মুৰব্বীৰ দ্বাৰা ফৰৱাৰ্ড কৰা হ`ব লাগে যিখনৰ পৰা প্ৰৰ্থীজন উত্তীৰ্ণ হৈছিল ।

২. বিশ্ববিদ্যালয় পঞ্জীয়ন কাৰ্ড, মাৰ্কছিট আৰু ট্ৰাইমিষ্টাৰ / চেমিষ্টাৰ পৰীক্ষাৰ এডমিট কাৰ্ড আদিৰ স্ব-স্বাক্ষৰিত কপি আবেদন পত্ৰৰ লগত গাঁঠি দিব লাগিব।

৩. মাছুলঃ (১) মূল প্ৰমাণ পত্ৰৰ কাৰণে তলত দেখুওৱা ধৰণে:

ক্ৰ
ন্

নিৰ্দিষ্ট বিষয়ত

টকাৰ পৰিমান

1.

যদি আবেদন কৰা হয় সমাৱৰ্তনৰ আগত

৭০০/-

2.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ পাছত প্ৰমাণ পত্ৰ পোৱাৰ কাৰণে পৰৱৰ্তী সমাৱৰ্তনত

৬০০/-

3.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ এবছৰ পাছত

৭৫০/-

4.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ দুবছৰ পাছত

৯০০/-

5.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ তিনিবছৰ পাছত

১০৫০/-

6.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ চাৰিবছৰ পাছত

১২০০/-

7.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ পাঁচবছৰ পাছত

১৩৫০/-

8.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ ছয়বছৰ পাছত

১৫০০/-

9.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ সাতবছৰ পাছত

১৬৫০/-

10.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ আঠবছৰ পাছত

১৮০০/-

11.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ নবছৰ পাছত

১৯৫০/-

12.

যদি আবেদন কৰা হয় পৰীক্ষা পাছ কৰাৰ দহবছৰ পাছত

২১০০/-

* তথ্যগত প্ৰমাণ পত্ৰৰ দ্বাৰা প্ৰয়োজনীয়তা যুক্তিৰে বিচাৰ কৰা হ`ব ।

(২) আস্থায়ী প্ৰমাণ প্ৰত্ৰৰ কাৰণে ৩০০/-( তিনিশ টকা)অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয়ৰ নামত বেংক ড্ৰাফট্ কাটি শিৱসাগৰ শাখাত উপলদ্ধ হোৱাকৈ আবেদন পত্ৰৰ লগত পঠিয়াব লাগিব ।

৪. বেংক ড্ৰাফট্ৰ প্ৰতিলিপি আবেদনৰ লগত গাঁঠি দিব লাগিব ।

৫. আবেদনখন সকলো ফালৰ পৰা সম্পূৰ্ণ হ`ব লাগিব আৰু দাখিল কৰিবলৈ নিৰ্ধাৰিত মাছুল সহ সকলোবোৰ স্তম্ভ ভৰ্ত্তি কৰা হ`ব লাগিব, অন্যথা তাৎক্ষণিকভাৱে যোগাযোগ অবিহনে নাকচ কৰা হ`ব।

৬. আস্থায়ী / মূল প্ৰমাণপত্ৰ প্ৰাৰ্থীৰ হাতত অৰ্পণ কৰা হ`ব পাৰে নতুবা প্ৰাৰ্থীৰ দ্বাৰা কৰ্তৃত্ব প্ৰদান কৰা ব্যক্তিৰ হাতত যিজনৰ চহী প্ৰাৰ্থীৰ দ্বাৰা প্ৰমাণিত কৰা হয় ।

৭. সংশ্লিষ্ট প্ৰাৰ্থীলৈ পঞ্জীয়ন কৰা ডাক যোগে প্ৰমাণ পত্ৰ পঠোৱাৰ ব্যৱস্থা আছে, যদি প্ৰাৰ্থী জনে বিচাৰে।

৮. সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা প্ৰেৰণ কৰা আবেদন, পঠোৱা তাৰিখৰ পৰা পৰবৰ্তী ছমাহলৈ বৈধতা থাকিব । মূল প্ৰমাণ পত্ৰৰ কাৰণে আবেদন প্ৰ-পত্ৰ

Downloads
TitleSizeDetail
PDF icon মূল প্ৰমাণ পত্ৰৰ কাৰণে আবেদন প্ৰ-পত্ৰ244.23 KBswf-image