মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

হোষ্টেলৰ নিয়মাৱলী

বৰ্তমান সময়ত বিশ্ববিদ্যালয়ৰ দুটাকৈ পৃথক ল`ৰা আৰু ছোৱালী হোষ্টেল আছে যাক কাৰ্য্যকৰী পৰিষদে নিৰ্ধাৰিত কৰা নিয়ম সমূহৰ লগত সংগতি ৰাখি পৰিচালনা কৰা হয় । কাৰ্য্যকৰী পৰিষদে ইয়াৰ উদ্দেশ্যে নিৰ্ধাৰিত কৰা নিয়ম সমূহ হোষ্টেলত বাস কৰি থকা সকলো আবাসীয়েই মানি চলিব লাগিব । প্ৰত্যেকটো হোষ্টেলতে যত দূৰ সম্ভৱ কাৰ্য্যকৰী পৰিষদে সময়ে সময়ে নিৰ্ণয় কৰি দিয়া একোজনকৈ ৱাৰ্ডেন আৰু অন্য কৰ্মচাৰী থাকিব ।

  • অধিনিয়মৰ দ্বাৰা বিহিত নিয়মানুশাৰে ৱাৰ্ডেন আৰু তত্বাৱধায়ক কৰ্মচাৰী বৰ্গক নিযুক্তি দিয়া হয় ।
  • হোষ্টেলৰ বাসস্থানৰ চৰ্ত্তাৱলী সমূহ অধ্যাদেশৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছে আৰু প্ৰতিটো হোষ্টেলেই আবাসৰ যি কোনো সদস্য, যদি গঠিত আছে তেন্তে স্বাস্থ্য আৰু অনুশাসন ব`ৰ্ডৰ লগতে কাৰ্য্যকৰী পৰিষদৰ ঠাইত বিশ্ববিদ্যালয়ৰ প্ৰাধিকৃত যি কোনো বিষয়াৰ দ্বাৰা নিৰীক্ষণৰ অধীনত থাকিব ।
  • অধ্যাদেশ সমূহৰ দ্বাৰা নিৰ্ধাৰিত চৰ্ত্তাৱলী সমূহৰ দ্বাৰা পৰিচালিত নোহোৱা যি কোনো হোষ্টেলৰ স্বীকৃতি কাৰ্য্যকৰী পৰিষদে নিলম্বিত বা প্ৰত্যাহাৰ কৰিব পৰা ক্ষমতা আছে ।