মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

নাম ভৰ্ত্তিৰ শেহতীয়া তথ্য

আসন ধৃতি:

 

বিদ্যায়তনিক প্ৰতিষ্ঠানত নামভৰ্ত্তিৰ কাৰণে অসম চৰকাৰে গ্ৰহণ কৰা সংৰক্ষণ আইনৰ ধাৰা অনুযায়ী ইয়াতো আসন সংৰক্ষণ কৰা হ`ব । যদি সংৰক্ষীত কৰা আসনৰ কাৰণে প্ৰাৰ্থীয়ে সময়ত আহি নাপায় তেনে ক্ষেত্ৰত অসংৰক্ষীত আসনৰ বাবে সংৰক্ষীত কোটা পৰিৱৰ্তন কৰা হ`ব । সংৰক্ষীত শ্ৰেণীয়ে নামভৰ্ত্তিৰ আগতে প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগে ।

এম বি এৰ কাৰণে যোগ্যতা নিৰ্ণয়

স্নাতক পৰ্যায়ৰ বাবে:

(ক)

  • স্নাতকৰ বাবে নুন্যতম নম্বৰ পাব লাগে ৫০ শতাংশ (সুকুমাৰ কলাৰ বাহিৰে যিকোনো বিষয়ত)
  • এচ চি / এছ টি / পি ডব্লিউ ডি প্ৰৰ্থীৰ কাৰণে ৫% ৰেহায় ।
  • এম এ টি / চি এ টি / এ টি এম এ / এক্স এ টি / আৰগুকমৰ প্ৰৱেশ পৰীক্ষাৰ বৈধ স্ক`ৰ ।
 

(খ)

  • মুঠ ৬০ শতাংশ,(এছ টি / এছ চি / পি ডব্লিউ ডি ৰ কাৰণে ৫৫%)নম্বৰ সহ যিকোনো বিষয়ত(সুকুমাৰ কলাৰ বাহিৰে) স্নাতক
 

ইউ জি চূড়ান্ত বৰ্ষৰ ছাত্ৰসকলে আবেদন কৰিব পাৰে আৰু যদি নিৰ্বাচিত হয়, এ ই টি ৰ জৰিয়তে আপাতিতভাৱে নাম ভৰ্ত্তী কৰা হ`ব । এনেকুৱা ছাত্ৰ সকলে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ জমা দিব লাগে বিশ্ববিদ্যালয়ৰ দ্বাৰা নিৰ্ধাৰিত কৰা তাৰিখত, অক্টোবৰ / নবেম্বৰ মাহত ।

প্ৰাৰ্থীৰ চমূ তালিকাভূক্ত আবেদন কাৰীক দলগত আলোচনা আৰু ব্যক্তিগত সাক্ষাৎকাৰৰ কাৰণে মতা হ`ব। ( তাৰিখ জনোৱা হ`ব পৰৱৰ্তী জাননী যোগে)

এম চি এৰ কাৰণে যোগ্যতা নিৰ্ণয়

স্নাতকৰ কাৰণে

  • স্নাতকত নুন্যতম নম্বৰ ৫০% (যিকোনো বিষয়ত)
  • ১০+২ পৰ্য্যায়ত গণিতত নম্বৰ লাভ কৰিব লাগিব ৪০%
  • এছ চি / এছ টি / পি ডব্লিউ ডি ৰ প্ৰাৰ্থী কাৰণে ৫% ৰেহাই থাকিব ।
 

চূড়ান্ত বৰ্ষৰ ইউ জি ছাত্ৰসকলে আবেদন কৰিব পাৰে আৰু এ ই টিৰ জৰিয়তে নিৰ্বাচিত হোৱা ছাত্ৰসকলক আপাতীতভাৱে নামভৰ্ত্তী কৰা হয় । এনেকুৱা ছাত্ৰসকলে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগে বিশ্ববিদ্যালয়ে নিদিষ্ট কৰা অক্টোবৰ / নবেম্বৰ মাহৰ কোনো এটা তাৰিখত ।

এম কমৰ কাৰণে যোগ্যতা নিৰ্ণয়

স্নাতকৰ কাৰণে

  • বি কমৰ নুন্যতম নম্বৰ ৫০%
  • এছ চি / এছ টি / পি ডব্লিউ ডিৰ প্ৰৰ্থীৰ কাৰণে ৫% ৰেহায় ।
 

চুড়ান্ত বৰ্ষৰ ইউ জি ছাত্ৰসকলে আবেদন কৰিব পাৰে আৰু এ ই টিৰ জৰিয়তে নিৰ্বাচিত হোৱা ছাত্ৰসকলক আপাতীতভাৱে নামভৰ্ত্তী কৰা হয় । এনেকুৱা ছাত্ৰসকলে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগে বিশ্ববিদ্যালয়ে নিদিষ্ট কৰা অক্টোবৰ / নবেম্বৰ মাহৰ কোনো এটা তাৰিখত ।

এল এল এমৰ কাৰণে যোগ্যতা নিৰ্ণয়

স্নাতকৰ বাবে

  • এল এল বিত নুন্যতম নম্বৰ পাব লাগে ৫০%
  • এছ চি / এছ টি / পি ডব্লিউ ডিৰ প্ৰৰ্থীৰ কাৰণে ৫% ৰেহায় ।
 

চুড়ান্ত বৰ্ষৰ ইউ জি ছাত্ৰসকলে আবেদন কৰিব পাৰে আৰু এই টিৰ জৰিয়তে নিৰ্বাচিত হোৱা ছাত্ৰসকলক আপাতীতভাৱে নামভৰ্ত্তী কৰা হয় । এনেকুৱা ছাত্ৰসকলে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগে বিশ্ববিদ্যালয়ে নিদিষ্ট কৰা অক্টোবৰ / নবেম্বৰ মাহৰ কোনো এটা তাৰিখত ।

এ ই টি – ২০১৭ এম বি এ / এম চি এ / এম কম / এল এল এমৰ কাৰণে

  • প্ৰৱেশ পৰীক্ষাৰ বাবে সৰ্বোচ্ছ নম্বৰ ১০০
    1. এম বি এৰ কাৰণে- ইংৰাজী, বিচাৰ ক্ষমতা, ৰাশি-প্ৰতিভা, সাধাৰণ জ্ঞান, আৰু সাম্প্ৰতিক ঘটনা ।
    2. এম চি এৰ কাৰণে- গনিত (১০+২ মানৰ) যুক্তি-বিচাৰ ক্ষমতা, ৰাশি-সংখ্যা প্ৰতিভা আৰু ইংৰাজী ।
    3. এম কমৰ কাৰণে- যুক্তি-বিচাৰ ক্ষমতা, ৰাশি-সংখ্যা প্ৰতিভা, ইংৰাজী আৰু হিছাৱ পৰীক্ষা ।
    4. এল এল এমৰ বাবে- সাম্প্ৰতিক বৈধ সমস্যা, আই পি চিৰ সমস্যা পৰিবেশীক বিধি, বে আইনী বিচাৰ আৰু গ্ৰাহক সুৰক্ষা আৰু সাংবিধানিক আইন ।
  • পৰীক্ষা কৰা সময়ত নেতিবাতক নম্বৰ দিয়াৰ ব্যৱস্থা নাই ।
  • পৰীক্ষাৰ সময়ত প্ৰৰ্থীয়ে মাত্ৰ ক`লা বা নীলা বল পইণ্ট কলম ব্যৱহাৰ কৰিব পাৰিব।
  • পৰীক্ষাৰ সময়ত কেলকুলেটৰ, মোবাইল ফোন আৰু আন বৈদ্যুতিক সা-সৰাঞ্জম ব্যৱহাৰৰ অনুমতি দিয়া নহয় । কিতাপ-বহী, মোনা, উকা কাগজ আদি ব্যৱহাৰৰো অনুমতি নাই ।
 

পৰীক্ষাৰ তাৰিখ আৰু কেন্দ্ৰ সমূহ & Centres

শেহতীয়া তথ্যৰ সবিশেষ অলপতে প্ৰকাশ কৰা হ`ব ।

আবেদন কৰাৰ ধৰণ-প্ৰকৰণ

  • বিশ্ববিদ্যালয়ৰ ৱেব চাইটত আবেদন প্ৰ-পত্ৰ উপলদ্ধ হয় । আবেদন পত্ৰ ডাউনলোড কৰিলৈ ভৰ্ত্তি কৰিব পাৰি ।
  • সম্পূৰ্ণ কৰা আবেদন পত্ৰৰ লগত পৰিশোধ কৰিব লগীয়া ডিমাণ্ড ড্ৰাফট্ বা ৭০০ টকাৰ চালান ( সাধাৰণ /ও বি চি / এম ও বি চি ৰ কাৰণে) আৰু ৩৫০ টকা ( এছ টি / এছ চি / পি ডব্লিউ ডি ৰ কাৰণে)অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয়,শিৱসাগৰৰ অনুকুলে পঠিয়াব লাগে।
  • সম্পূৰ্ণ কৰা আবেদন পত্ৰৰ লগত নিজৰ নাম-ঠিকনাৰ লগতে দহ টকীয়া ষ্টাম্প লগোৱা খাম এটা পঠিওৱা উচিত এডমিট কাৰ্ড পঠিয়াবৰ কাৰণে ।
  • বিশ্ববিদ্যালয়ৰ ৱেব চাইটত আবেদন প্ৰ-পত্ৰ আৰু অনুষ্ঠান পত্ৰ উপলব্ধ হয় ।