মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধ্যয়ন কেন্দ্ৰ

উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যা বিভাগ

উদ্ভাৱনেই হ`ল মূল্য স্ৰজনৰ এটা মূখ্য চালক । বহুতো বহুমূখী দেশীয় সমবায়, শৈক্ষিক অনুস্থান আৰু চৰকাৰী অভিকৰণ সমূহে বুজি উঠিছে যে- ভৱিষ্যতৰ অৰ্থনৈতিক বিকাশ আগবঢ়োৱা যন্ত্ৰটোৱেই হ`ল নৱ প্ৰৱৰ্তন । ফলস্বৰূপে, তেওঁলোকে ইতিমধ্যে সূচনা প্ৰযুক্তি বিজ্ঞান, সূক্ষ্ম প্ৰযুক্তি বিজ্ঞান, ৰ`ব`টিক আৰু বিভিন্ন ক্ষেত্ৰত অধ্যয়ন আৰু গৱেষণাৰ অনাগত উৎঘাটনৰ বাবে বূহৎ ব্যয় কৰি অহিছে । এইটোৱে ইয়াকে সূচায় যে প্ৰযুক্তি বিজ্ঞান উন্নতিৰ দিশে ভৱিষ্যতত আগুৱাই গৈ থাকিব । স্পষ্টভাবে, যদিও নতুন প্ৰযুক্তি বিজ্ঞানে সক্ষমতা আনে, কিন্তু শিকিবলৈ হয় অতিকৈ জটিল আৰু কঠিন । একেসময়তে প্ৰযুক্তিবিজ্ঞানৰ ব্যৱহাৰ কৰোঁতাসকলেও প্ৰযুক্তি বিজ্ঞানৰ উৎপাদক সকলক ইয়াক আৰু বেছি ব্যৱহাৰ উপযোগী আৰু মিতব্যয়ী কৰি তুলিবলৈ তাগিদা প্ৰদান কৰি আহিছে ।

অধিনায়ক আৰু নিৰ্ণায়ক হ`ব বিচৰা শিক্ষাৰ্থী সকলক বিশ্বমানৰ শিক্ষাৰে বলিয়ান কৰিব পৰাকৈ উদ্ভাৱন আৰু প্ৰযুক্তি বিদ্যাৰ অনুষ্ঠান সমূহ এক অনন্য অৱস্থানত উপনীত হৈছেহি ।

  • ব্যৱসায়, উপভোক্তা, চৰকাৰ আদিকে ধৰি অন্য অনুষ্ঠান সমূহৰ দৃষ্টিকোণৰ পৰা মূখ্য প্ৰযুক্তি সমূহৰ মূল তত্ববিলাক, ইহঁতৰ মাজৰ পাৰস্পৰিক সম্বন্ধ আৰু সমাজৰ ওপৰত ইহঁতৰ প্ৰভাৱৰ বিষয়ে শিক্ষাৰ্থী সমূহক অৱগত কৰোৱা হ`ব ।
  • সামূদায়ীক শিক্ষাসমূহ আন্তঃ বিষয়ৰ ফালে কেন্দ্ৰীভূত হয় । শিক্ষাপ্ৰদানৰ লগতে শিক্ষকসকল শিক্ষাৰ্থীসকলৰ বৃত্তিযোজনাৰ উপদেশক হ`ব ।
  • ব্যৱহাৰিক শিক্ষা কাৰ্য্যক্ৰমনিকাৰ অনিবাৰ্য্য অংশ হ`ব । শিক্ষাৰ্থীসকলে কেৱল ঘটনা অধ্যয়নৰ পৰাই নহয়, পাৰস্পৰিক ক্ষেত্ৰঅধ্যয়ন আৰু অভিজ্ঞতাৰ পৰাও শিক্ষা লব ।
  • সমবায়সমূহৰ, চৰকাৰী অভিকৰণ সমূহৰ আৰু অন্যান্য মূখ্য, শৈক্ষিক অনুষ্ঠান সমূহৰ এটা শক্তিশালী নেটৱৰ্ক ইতিমধ্যে আৰগুকমৰ অধীনত আছে । এই নেটৱৰ্ক আৰু অন্যান্য সম্পদবোৰক উপযুক্তভাবে ব্যৱহাৰ কৰি আমাৰ শিক্ষাৰ্থীসকলে উৎঘাটন আৰু প্ৰযুক্তিবিজ্ঞান সঞ্চালনৰ বৃত্তিত শীঘ্ৰে উন্নতি কৰিব পাৰিব ।