মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধ্যয়ন কেন্দ্ৰ

সাংস্কৃতিক আৰু সঞ্চালন বিভাগ

ভাবৰ আদান-প্ৰদান এটা ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন । আমি ইজনে সিজনৰ লগত মৌখিকভাৱে, সাংকেতিকভাৱে আৰু লিখিতভাৱে ভাব বিনিময় কৰো । ব্যৱসায় কৰিবলৈ আৰু ধাৰণাৰ প্ৰসাৰ কৰিবলৈ ভাবৰ আদান প্ৰদান অত্যন্তই প্ৰয়োজনীয় । এটা ভূল মত বিনিময়ে এটা ব্যৱসায়ীক সমন্ধৰ যতি পেলাব পাৰে । আনকি কেতিয়াবা এটা ব্যৱসায়ৰ আদবাটতে অন্ত কৰিব পাৰে।মত বিনিময়ৰ কলাৰ বিষয়ে আমাৰ অজ্ঞতাৰ বাবে বহুসময়ত আমি অনভিপ্ৰেত খবৰৰ আদান প্ৰদান কৰি অনাহুত পৰিস্থিতিৰ সন্মূখীন হওঁ । সেয়েহে এজন বাণিজ্য শিক্ষাৰ্থীৰ বাবে মত বিনিময়ৰ সূক্ষ্ম প্ৰাৰ্থক্যৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় । মত বিনিময় কলাৰ সূক্ষ্মাতিসূক্ষ্ম পাৰ্থক্যৰ কথা জানি, কেতিয়া কাৰ লগত কেনেকৈ মতৰ বিনিময় কৰিব তাৰ নিৰ্ণয় সঠিক ভাবে লব পৰাকৈ এজন ব্যৱসায় সঞ্চালক এজন ভাল সঞ্চালক হোৱাটো দৰকাৰ ।

অধিক শ্ৰোতা আৰু জনসাধাৰণৰ মাজত নতুন ধাৰণা, ব্যৱসায় আদিৰ প্ৰসাৰৰ বাবে জনসংযোগ ব্যৱস্থাৰ প্ৰয়োজন । এনে ধাৰণাক জনসাধাৰণৰ মাজত প্ৰসাৰ ঘটাবৰ কাৰণে, সঞ্চাৰ মাধ্যম জনসংযোগৰ নানা শৈলীৰ ওচৰত শৰণাপন্ন হ`ব লাগিব ।

একেদৰে কোনো এখন ঠাইত এক নতুন ব্যাণিজিক প্ৰতিষ্ঠান আৰম্ভ কৰাৰ আগতে সেই ঠাইখনৰ সংস্কৃতি আৰু ইতিহাসৰ বিষয়ে জনাটো অতি প্ৰয়োজন । যদিহে বাণিজ্যিক প্ৰকল্পটো সেই ঠাইখনৰ ৰীতি-নিতি আৰু পৰম্পৰাৰ ওপৰত আধাৰিত হয় তেন্তে সেই প্ৰকল্পটো শীঘ্ৰে পৰিগৃহীত হয় আৰু ব্যৱহাৰিক ৰূপ পায় । পশুপালন আৰু দূগ্ধ উৎপাদন গুজৰাটৰ সংস্কৃতিৰ অংগ হোৱাৰ বাবে দূগ্ধ সমবায় আন্দোলন গুজৰাটত পূৰ্ণভাৱে সফল হৈছে । ইয়াত সংস্কৃতি আৰু ইতিহাসৰ অধ্যয়ন ``সংস্কৃতি অধ্যয়ন বিভাগৰ`` দৃষ্টিকোনৰ পৰা কৰা নহ`ব । এই অধ্যয়নৰ মূল অভিপ্ৰায় হ`ল সমগ্ৰ ভাৰতৰ লগতে বিশেষভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰীতি-নীতি, পৰম্পৰা, শাসন- সামাজিক পদ্ধতিৰ বিষয়ে অৱগত কৰোৱা ।

সংস্কৃতি আৰু সঞ্চালন বিভাগে বি বি এ (সমবায়) শিক্ষাৰ্থী সকলৰ কাৰণে পাঠ্যক্ৰমৰ পৰিকল্পনা কৰে য`ত তেওঁলোকে সংস্কৃতি আৰু ইংৰাজীৰ নিৱেষ ঘটায় যাতে শীক্ষাৰ্থীয়ে ইয়াক কেৱল বিষয় হিচাপে নধৰি ভাব বিনিময়ৰ আহিলা হিচাপে লৈ তেওঁলোকৰ ব্যৱসায় আগবঢ়াই নিয়াৰ সাহস কৰিব পাৰে ।

এই পাঠ্য ক্ৰমৰ উদেশ্যসমূহ হ`ল কোনো বাণিজ্যিক প্ৰসাৰত সংস্কৃতি আৰু ইতিহাসৰ গুৰুত্ব আৰু প্ৰাসংগিকতাৰ সৈতে পৰিচয় কৰোৱা আৰু জনসংযোগ আৰু সঞ্চালনৰ বিষয়ে জনাত সহায় কৰা আৰু ব্যৱসায়ত ই কেনেধৰণে প্ৰভাৱ পেলায় তাক বুজাত সহায় কৰা । তেওঁলোকে বিভিন্ন মাধ্যমৰ ব্যৱহাৰিক কৌশল আহিলা আৰু প্ৰয়োগ সৰ্ম্পকে ব্যৱহাৰিক জ্ঞান লাভ কৰিব । পাঠ্যক্ৰমৰ উদ্দেশ্য হ`ল প্ৰয়োগকেন্দ্ৰিক, য`ত তেওঁলোকে প্ৰকাশৰ উদেশ্যৰে বিজ্ঞাপন সমূহৰ পৰিকল্পনা, আৰু খবৰৰ বৰ্ণনা লিখিবলৈ শিকিব । তেওঁলোকে বিশেষ ব্যৱসায়ৰ প্ৰসাৰৰ বাবে ব্ৰেণ্ড নিৰ্মাণৰ বিষয়ে শিকিব ।

এই পাঠ্যক্ৰমত ৰীতি-নীতি, পৰম্পৰা জীৱনশৈলী, ইতিহাস আৰু উত্তৰাধিকাৰ ইত্যদিও অন্তৰ্ভূক্ত হ`ব যিয়ে অকল নতুন ব্যৱসায় প্ৰসাৰতেই নহয় ইয়াৰ আনন্তযাত্ৰত বৰ্ত্তী থাকিবলৈও সহায় কৰিব । বিভাগটোৱে বিভিন্ন শিক্ষাৰ আহিলা যেনে-ভাষণ, শ্ৰেণীকোঠাৰ প্ৰদৰ্শন, গ্ৰন্থাগাৰিক কাৰ্য্য, আলোচনা আৰু যুক্তিতৰ্ক, গৱেষণাগাৰিক প্ৰয়োগ, ঘটনা অধ্যয়ন আৰু লগতে শ্ৰৱণ দৃশ্য আহিলাৰো ব্যৱহাৰ কৰিব ।