মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধ্যয়ন কেন্দ্ৰ

উদ্যোগী আৰু সঞ্চালন বিভাগ

উদ্যোগী আৰু পৰিচালন বিভাগৰ লক্ষ্য হ`ল মেনেজমেণ্ট বিষয়টোৰ শক্তিশালী প্ৰাথমিক মৌলিক জ্ঞান প্ৰদান কৰা।এই বিদ্যালয়ে ছাত্ৰ ছাত্ৰী সকলক উদ্যমশীল প্ৰচেষ্টা আৰম্ভ কৰিবলৈ সক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।চাকৰি প্ৰত্যাশিত হৈ থকাতকৈ চাকৰি নিৰ্মাতা হ`ব` পৰাৰ যি মানসিকতা তাক অনুপ্ৰাণিত আৰু সলনি কৰিব পৰাকৈ এই বিদ্যালয়ৰ পাঠ্যক্ৰম সমূহ ৰূপাংকন কৰা হৈছে।`অভিনৱ প্ৰয়াসৰ মাধ্যমত শিক্ষা আহৰণ`-এই মন্ত্ৰক ভিত্তি কৰিয়েই এই বিদ্যালয়খন প্ৰতিষ্ঠিত কৰা হৈছে।

এই বিদ্যালয়ে শিক্ষা আহৰণৰ ক্ষেত্ৰত চাৰিও কাষৰ পৰিৱেশৰ জৰিয়তে লাভ কৰা অভিজ্ঞতা,পৰ্য্যবেক্ষণ আৰু বোধশক্তি প্ৰয়োগ কৰে।এনেকুৱা কৰোঁতে এই বিদ্যালয়ে বিভিন্ন ধৰণৰ শিক্ষাগত সৰঞ্জাম আৰু বিষয় অধ্যয়ন,কিতাপৰ সমীক্ষা,চলচিত্ৰ সমীক্ষা আদিকে সামৰি শিক্ষা আহৰণৰ বিভিন্ন উৎসৰ সহায় লয় আৰু ইয়ে এজন উদ্যমশীল ব্যক্তিৰ দৃষ্টিকোণৰ পৰা ভাৰতীয় ব্যৱসায় সন্দৰ্ভত গ্ৰহণ কৰিব পৰা নতুন নতুন ধাৰণাৰ কাৰণে আৱশ্যকীয় সমল যোগায়।

তিনি বছৰীয়া পূৰ্ব স্নাতক পাঠ্যক্ৰম বি বি এ(ক`-অপাৰেচন)এ উদ্যমিতাৰ বিশেষজ্ঞ জ্ঞান সমন্বিত বিভিন্ন সংক্ষক পৰিপ্ৰেক্ষা সংযুক্ত ব্যৱস্থাপন তত্ত্ব আৰু অনুশীলনৰ ব্যাপক মূল্যায়ন কৰে।এজন উদ্যোগী ব্যক্তি আৰু যি খন সমাজৰ পৰা তেওঁ আহিছে তাৰ মাজৰ সম্পৰ্কৰ প্ৰকৃতি অন্বেষণ কৰি এটা বহল সামাজিক আৰু ঐতিহাসিক সন্দৰ্ভত তেওঁৰ উদ্যমিতাক স্থাপন কৰাটোৱেই ইয়াৰ লক্ষ্য।পাঠ্যক্ৰম সমূহৰ অন্তৰ্ভূক্ত কেন্দ্ৰীয় বিষয়টো হৈছে উদ্যমী ব্যৱহাৰ,প্ৰক্ৰিয়া আৰু কৌশলেৰে কেনেকৈ ইয়াৰ লগত সম্বন্ধিত নতুন উদ্যম সৃষ্টি,যৌথ উদ্যোগ,সামাজিক উদ্যমিতা আৰু ক্ষুদ্ৰ ও মধ্যম আকাৰৰ উদ্যোগ(এচ এম ই এচ)সমূহৰ প্ৰবন্ধ কৰিব পাৰি।

পৰ্য্যবেক্ষণ আৰু অনুভৱী হাতৰ দ্বাৰা শিক্ষা আহৰণৰ সুবিধা লাভ কৰিবলৈ শিক্ষাৰ্থী সকলে পাঠ্যক্ৰম সমূহ যেনে উদ্যমিতা,প্ৰকল্প ব্যৱস্থাপনা আদি আন্তঃপাঠ্যক্ৰমিক প্ৰকল্প সমূহত নিজকে প্ৰকাশিত কৰিব লাগিব।কাৰ্য্যক্ৰম শেষ হোৱাৰ পিছত কাৰ্য্যান্বিত কৰিবৰ কাৰণে তৈয়াৰী উন্নয়নশীল সহকাৰী আদৰ্শৰ ওপৰত দিয়া কাৰ্য্য সমূহে বিত্ত পোষণ আৰু আৰম্ভণিৰ কাৰণে একসাধ্য উদ্যমশীল প্ৰতিবেদন তৈয়াৰ কৰি উপস্থাপন কৰিবৰ কাৰণে তেওঁলোকক একেলগে প্ৰস্তুত কৰে।ইয়ে শিক্ষাৰ্থী সকলক তেওঁলোকৰ নিজাকৈ উদ্যমশীল উদ্যোগ আৰম্ভ কৰিবলৈ সক্ষম কৰি তোলে।

প্ৰতিটো বিষয়ৰ বিপৰীতে শ্ৰেণী সমূহ এনেকৈ সংগঠিত কৰা হৈছে যাতে শ্ৰেণী কক্ষত বিষয়বস্তু উপস্থাপনৰ উপাদান সমূহ যেনে পাঠদান,আন্তঃপাঠ্যক্ৰমিক প্ৰকল্প,বিষয় অধ্যয়ন,চলচিত্ৰ সমীক্ষা আৰু গ্ৰন্থাগাৰৰ কাৰ্য্য সমূহৰ মাজত সন্তুলন সুনিশ্চিত কৰিব পাৰি।সকলো মিলাই এই বিদ্যালয়ে ওঠৰটা পাঠ্যক্ৰম আগবঢ়াইছে।এই সমূহৰ ভিতৰত আঠটা মৌলিক পাঠ্যক্ৰম য`ত বাকী দহটা পাঠ্যক্ৰম প্ৰয়োগ ভিত্তিক।

পৰ্য্যবেক্ষণৰ দ্বাৰা শিক্ষা আহৰণ কৰাত শিক্ষাৰ্থী সকলক সক্ষম কৰি তুলিবলৈ এটা সৰ্বাত্মক প্ৰচেষ্টা হিচাপে ষষ্ঠ ত্ৰৈমাসিকত প্ৰকল্পকালীন পাঠ্যক্ৰম আৰম্ভ কৰা হয়।সহকাৰি সমিতিৰ কামকাজবোৰ বুজাবলৈ প্ৰত্যেকটো প্ৰকল্প এটা সহকাৰীৰ ওপৰত কেন্দ্ৰিত কৰা হৈছে।প্ৰকল্পকালীন পাঠ্যক্ৰম ৰ অন্তত মূল্যায়ন কৰিব লগা প্ৰকল্পৰ ওপৰত অনিবাৰ্য্যভাৱে প্ৰতিবেদন প্ৰস্তুত কৰাৰ আৱশ্যকতা আছে।

প্ৰবন্ধৰ সকলো কাৰ্য্যকৰী ক্ষেত্ৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কাৰা হৈছে।প্ৰতিটো পাঠ্যক্ৰমৰ বিষয়বস্তুৰ ধাৰা প্ৰগাঢ় আৰু অন্য পাঠ্যক্ৰমৰ পৰিপূৰক।তাৰোপৰি,পাঠ্যক্ৰম সমূহৰ বিশ্ববিদ্যালয়ৰ অন্য বিদ্যালয় সমূহৰ লগত শক্তিশালী সংযোগ আছে।