মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধিক
প্ৰশাসন
প্ৰশাসন

আচাৰ্য্য

শ্ৰী বানোৱাৰীলাল পুৰোহিত অসমৰ বৰ্তমান ৰাজ্যপাল, যি জন ব্যক্তি দেশৰ এখন আগশাৰীৰ ইঞ্জিনীয়েৰিং আৰু মেনেজমেণ্ট মহাবিদ্যালয় ``শ্ৰী ৰামদেৱবাবা কলেজ অফ্ ইঞ্জিনীয়েৰিং এণ্ড মেনেজমেনণ্ট (আৰ চি ও ই এম) নাগপুৰৰ অধ্যক্ষ হোৱাৰ লগতে উচ্চ ৰাজনৈতিক ব্যক্তিত্বৰে যোৱা চাৰি দশক জুৰি বহল অৰ্থত সামাজিক ভাৱে নিজকে গঢ় দি আহিছে । ১৯৪০ চনৰ ১৬ এপ্ৰিলত জন্ম গ্ৰহণ কৰা শ্ৰী পুৰোহিত তেওঁৰ অগণন অনুগামী সকলৰ মাজত বাবুজী বুলিয়ে জনপ্ৰিয়, তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল বিচপ কটন স্কুল নাগপুৰ আৰু ৰজস্থানৰ পৰা । নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বাণিজ্য শাখাত ডিগ্ৰী লাভ কৰিছিল ।

শ্ৰী পুৰোহিত নাগপুৰৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত এজন লোক সভাৰ সদস্য হোৱাৰ লগতে মহাৰাষ্ট্ৰৰ এজন প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী, এজন উচ্চ পদস্থ শিক্ষাবিদ, প্ৰসিদ্ধ সমাজকৰ্মী, অনুষ্ঠান সংগঠক, দক্ষ সমাজবক্তা, জাতীয় চিন্তাবিদ আৰু যোৱা এশ বছৰ ধৰি মধ্য ভাৰতৰ এখন অতি প্ৰাচীন আৰু অধিক বিক্ৰী হোৱা ইংৰাজী কাকত ``দি হিতাৱাদ`` ৰো নিৰ্বাহী সম্প্ৰাদক।

শ্ৰী পুৰোহিত এজন নিকা চৰিত্ৰৰ বহু পৰিচিত ব্যক্তি যিয়ে সক্ৰিয় সামাজিক জীৱনেৰে চাৰি দশকতকৈও অধিক কালজুৰি মধ্য ভাৰতৰ সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু ঔদ্যোগিক ক্ষেত্ৰ খনত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে । সংযমী আৰু সাধাৰণ জীৱন শৈলীক অগ্ৰাধিকাৰ দিয়া শ্ৰী পুৰোহিত সদায়ে জনতাৰ দ্বাৰা প্ৰিয়ভাজন এজন নেতা হৈ ৰ`ব ।

সৰহভাগ কেন্দ্ৰীয় চৰকাৰী প্ৰতিষ্ঠান যেনে ছাউথ চেণ্ট্ৰেল জ`ন কালচাৰেল চেণ্টাৰ (এচ চি জেদ চি চি), চেণ্ট্ৰেল ইনষ্টিটিউট অফ কটন ৰিচাৰ্ছ ( চি আই চি আৰ), নেচনেল ৰিচাৰ্ছ চেণ্টাৰ ফৰ চাইট্ৰাচ ( এন আৰ চি চি), ৰমন চায়েঞ্চ চেণ্টাৰ, জৱাহৰ লাল নেহৰু এলুমিনিয়াম ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট চেণ্টাৰ ( জে এন এ আৰ ডি চি), আৰু অন্য বহুতো প্ৰকল্প নাগপুৰলৈ অনাত শ্ৰী পুৰোহিত সহায়ক আছিল ।

শ্ৰী পুৰোহিত বহুতো সামাজিক, দাতব্য, ধৰ্মীয় আৰু ক্ৰীড়া সংগঠনৰ সৈতে জড়িত হৈ থকাৰ লগতে শিক্ষা আৰু সামাজিক কাৰ্য্যৰ কাৰণে মুক্তহস্তে দান বৰঙনি দি আহিছে । তেওঁ হৈছে এখন বিশ্বৰ ভিতৰত ৪০০ খনতকৈও অধিক শিক্ষ প্ৰতিষ্ঠান চলাই থকা আৰু এতিয়ালৈকে ২০৫০ খন নাম প্ৰকাশিত আৰু ৩৩ লাখ খন বিক্ৰী হোৱা ইণ্ডিয়ান হিচ্ট`ৰী, ইণ্ডিয়ান কাল্চাৰ এণ্ড ইট্চ চিভিলাইজেচনেল হেৰিটেজ আদিৰ ওপৰত লিখিত কিছুমান অতি জনপ্ৰিয় পুথিৰ প্ৰকাশক অগ্ৰণী সমিতি `ভাৰতীয় বিদ্যা ভৱন`ৰ অধ্যক্ষ, ৰাষ্ট্ৰীয় ন্যাসপাল আৰু কাৰ্য্যকৰী সদস্য । তেওঁ ৭ খন বিদ্যালয় চলাই থকাৰ লগতে উচ্চতম প্ৰতিষ্ঠা লাভ কৰা `ভাৰতীয় বিদ্যা ভৱন নাগপুৰ কেন্দ্ৰৰ অধ্যক্ষও ।

তেওঁ মহিলা সকলৰ কাৰণে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ `লেডী অমৃতাবাই দাগা কলেজ` আৰু `শ্ৰীমতী ৰত্নীদেৱী পুৰোহিত কলেজ অফ্ হোম চায়েঞ্চ এণ্ড হোম চায়েঞ্চ টেক্ন`ল`জি` নামৰ দুখন মহাবিদ্যালয় চলাই থকা এটা অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান `` দি ৱ`মেন্চ এডুকেশ্বন চ`ছাইটী``ৰ সৈতেও জড়িত ।