মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধিক
প্ৰশাসন
নীতি আৰু নিয়ন্ত্ৰণ

যৌন নিৰ্যাতনৰ বিৰুদ্ধে

আৰগুকমৰ আভ্যন্তৰীণ অভিযোগ কমিটি কোষ (আই. চি. চি):

আৰগুকমৰ আভ্যন্তৰীণ অভিযোগ কমিটি কোষ (আই. চি. চি)ৰ কৰ্তব্য হৈছে আৰগুকমৰ ভিতৰত যৌন নিৰ্যাতন প্ৰতিৰোধ, সংবেদনশীল আৰু নিবাৰণ কৰা । অধ্যাদেশ ৪৯ৰ জৰিয়তে অসম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটী অফ্ ক`অপাৰেটিভ মেনেজমেণ্টে ( আভ্যন্তৰীণ অভিযোগ কমিটি) আই চি চি ৰ পৰিচয় ও বলবৎ কৰে । যৌন নিৰ্যাতনৰ বিৰুদ্ধে থকা ভাৰত চৰকাৰৰ নীতি সনূহৰ ওপৰত ভিত্তি কৰি এই আধ্যাদেশ খন প্ৰস্তুত কৰা হৈছে আৰু ই বিচাৰে শিক্ষাৰ্থী, শৈক্ষিক বা অনাশৈক্ষিক কৰ্মচাৰী সদস্য হিচাপে আৰগুকমৰ সৈতে জড়িত মহিলা সকলৰ কাৰণে যৌন নিৰ্যাতন মুক্ত এটা শৈক্ষিক আৰু কৰ্মোপযোগী পৰিৱেশ গঢ়ি তোলা আৰু তাক বাহাল ৰখা ।

আৰগুকমৰ আভ্যন্তৰীণ অভিযোগ কমিটি কোষ (আই. চি. চি)ৰ উদ্দেশ্য সমূহ:

  • লিংগ অবিসম্বাদ আৰু নাৰী কল্যাণ বিষয়ক কাৰ্য্যক্ৰমৰ জৰিয়তে মহিলা শিক্ষাৰ্থী সকলক তেওঁলোকৰ আইনগত অধিকাৰ সমূহ অৱগত কৰা আৰু নাৰী সবলীকৰণৰ প্ৰচেষ্টাৰ দিশত উদ্বুদ্ধ কৰা ।
  • সকলো মহিলা যেনে ছাত্ৰী, শৈক্ষিক বা অনাশৈক্ষিক কৰ্মচাৰী সদস্য আদিৰ বাবে যৌন নিৰ্যাতন বা লিংগ ভিত্তিক বৈষম্য মুক্ত এটা অনুকুল কৰ্মোপযোগী পৰিৱেশ সৃষ্টি কৰা ।
  • নিৰ্যাতিত হোৱাৰ শংকা দূৰ কৰি তেওঁলোকৰ অভিযোগ বা সমস্যা সমূহ মুক্ত আৰু স্পষ্ট ভাৱে প্ৰকাশ কৰিবলৈ উৎসাহিত কৰা ।
  • উচ্চতম ন্যায়ালয় আৰু চৰকাৰী প্ৰতিষ্ঠান সমূহৰ দ্বাৰা জাৰি কৰা নীতি সমূহৰ লগত সংগতি ৰাখি অভিযোগ সমূহৰ প্ৰতিবিধানৰ কাৰণে সময়ে সময়ে প্ৰয়োজন হোৱা নিৰ্দেশনা বা নীতি গঠন বা অৱলোকন কৰা ।
  • যেতিয়া জৰুৰী বুলি ভৱা হয় কমিটিয়ে নাৰী দিৱস আৰু অন্য সময়ত বিভিন্ন অনুষ্ঠান আদিৰ ব্যৱস্থা কৰে ।
 

অভিযোগ সমূহ কমিটিয়ে গ্ৰহণ কৰিব:

  • অন্য কৰ্মচাৰীৰ দ্বাৰা কৰ্মক্ষেত্ৰত নিৰ্যাতন আৰু ভেদাভেদৰ সন্মুখীন হোৱা মহিলা কৰ্মচাৰী ।
  • শ্ৰেণী কোঠাত আৰু শৈক্ষিক কাৰ্য্যক্ৰমৰ লগত জড়িত থকা অৱস্থাত শিক্ষক আৰু কৰ্মচাৰীৰ দ্বাৰা নিৰ্যাতন আৰু ভেদাভেদৰ সন্মুখীন হোৱা মহিলা শিক্ষাৰ্থী সকল।
    ( শিক্ষাৰ্থী সকলৰ মাজৰ ঘটনা সমূহ হস্তক্ষেপ কৰা নহয় আৰু এই বিষয়ে ষ্টুডেণ্ট এফেয়াৰ্চৰ অধ্যক্ষক অৱগত কৰা হয়)।
  • কৰ্মচাৰীৰ দ্বাৰা নিৰ্যাতন, অপঘাত আৰু অন্য ধৰণৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱা মহিলা আবাসী ।
  • কমিটিয়ে সময়ে সময়ে প্ৰযোজ্য হৈ থকা সংশ্লিষ্ট আইন, নীতি, ভাৰত চৰকাৰৰ ও.এম আৰু আদালতৰ আদেশ আদি মানি চলে ।
  • কমিটিয়ে উপাচাৰ্য্যক প্ৰতিবেদন দাখিল কৰে ।
  • যদি নিৰ্দিষ্ট অভিযোগ সমূহ তদন্তৰ কাৰণে উচিত বুলি ভৱা হয়, কমিটিয়ে তেতিয়া এখন তদন্ত কমিটি গঠন কৰে ।
  • নিদিৰ্ষ্ট অভিযোগ সমূহৰ ওপৰত ল`ব`লগীয়া ব্যৱস্থাৰ ওপৰত কমিটিয়ে অনুমোদন প্ৰস্তুত কৰে ।
 

যৌন নিৰ্যাতনৰ অন্তৰ্ভূক্ত :

  • অবাঞ্চিত শাৰিৰীক সম্পৰ্ক স্থাপন আৰু সুবিধা গ্ৰহণ
  • যৌন অনুগ্ৰহৰ বাবে দাবী বা অনুৰোধ
  • যৌনগন্ধী মন্ত্যব্য
  • অশ্লীল ৰচনা প্ৰদৰ্শন
  • যিকোনো অন্য অবাঞ্চিত শাৰিৰীক,মৌখিক বা সাংকেতিক যৌন প্ৰকৃতিৰ আচৰণ
 

অভিযোগ সমূহ :

  • আই চি চি ৰ যিকোনো সদস্যৰ আগত যিকোনো শিক্ষাৰ্থী,অবাসী,শৈক্ষিক বা অনাশৈক্ষিক কৰ্মচাৰী সদস্যই যিকোনো শিক্ষাৰ্থী,শৈক্ষিক-অনাশৈক্ষিক কৰ্মচাৰী সদস্য,আবাসী বা বাহিৰা ব্যক্তিৰ বিপৰীতে গোচৰ ৰুজু কৰিব পাৰে।কমিটিয়ে এই বিষয়ে উপাচাৰ্য্যক প্ৰতিবেদন দাখিল কৰিব আৰু অভিযোগ সমূহ সম্পূৰ্ণ গোপনীয়তাৰে সমাধান কৰা হ`ব`।
  • মিচ পল্লৱী দেৱী হৈছে আভ্যন্তৰীণ অভিযোগ কমিতিৰ অধ্যক্ষ।তেওঁৰ ইমেইল আই ডি হৈছে
 

শাস্তি বিধান:

(১)শিক্ষাৰ্থীৰ কাৰণে
  • সতৰ্কবাণী
  • চৌহদৰ /হোষ্টেলৰ ভিতৰত প্ৰৱেশ বন্ধ কৰা
  • পৰীক্ষা দিয়াৰ পৰা বিৰত ৰখা
  • ফলাফলসমূহ উহ্য ৰখা
  • বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা
  • পুনৰ নামভৰ্ত্তি নামাঞ্জুৰ কৰা
  • লিখিত ক্ষমাপ্ৰাৰ্থনা
  • সুব্যৱহাৰ চুক্তি
 
(২) বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ বাবে
  • সতৰ্কবাণী
  • লিখিত ক্ষমাপ্ৰাৰ্থনা
  • সুব্যৱহাৰ চুক্তি
  • গোপনীয় প্ৰতিবেদনত প্ৰতিকূল মন্তব্য
  • পৰ্যবেক্ষণ মূলক কৰ্তব্য সমূহ বন্ধ কৰা
  • সাংবিধানিক মণ্ডলীৰ সদস্যপদ নামাঞ্জুৰ কৰা
  • পুনৰ নিযুক্তি নামাঞ্জুৰ কৰা
  • সংযোজন/পদোন্নতি ৰোধ কৰা
  • প্ৰত্যাৱৰ্তন,পদাৱনতি
  • নিলম্বন
  • বৰ্খাস্ত কৰণ
  • অন্য যিকোনো সংশ্লিষ্ট বিধান
 
(৩) বিশ্ববিদ্যলয়ৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীকে অন্তৰ্ভূক্ত কৰি অন্য ব্যক্তি সকলৰ কাৰণে
  • চৌহদৰ ভিতৰত প্ৰৱেশ নিষিদ্ধ কৰা
  • বিশ্ববিদ্যালয়ৰ লগত যিকোনো ধৰণৰ লেনদেন বন্ধ কৰা
  • অন্য যিকোনো সংশ্লিষ্ট বিধান
 

বিশ্ববিদ্যালয়ৰ যিকোনো মহিলা শিক্ষাৰ্থী,শৈক্ষিক সদস্য,অনাশৈক্ষিক কৰ্মচাৰী,চুক্তিমূলক কৰ্মচাৰী আদিৰ লগতে চৌহদৰ ভিতৰত বা বাহিৰত সংঘটিত হোৱা যিকোনো যৌন নিৰ্যাতন বিষয়ক তথ্যৰ সম্ভেদ পোৱাৰ লগে লগে আই চি চি ৰ সদস্য সকলক তাৎক্ষণিকভাৱে মৌখিক বা লিখিত ৰূপত জনোৱা হয় যাতে কোনো ধৰণৰ পলম নোহোৱাকৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

আৰগুকমৰ আভ্যন্তৰীণ কমিটি কোষ (আই চি চি)খন নিম্নোক্ত সদস্য সকলৰ দ্বাৰা গঠিত হৈছেঃ

সদস্যইমেইলযোগাযোগ নং
পল্লৱী দেৱী, অধ্যক্ষpen2pallavi@gmail.com৯৪৩৫১৫৭৫৩০
মৃদুস্মিতা দাস, সদস্যmridusmitadas@yahoo.com৯৪৩৫১৫৬৭৪৯
মানসী নেওঁগ, সদস্যManashi19@gmail.com৯৪৩৫১৫৭৩৯৩
নাজমিন চুলতানা, সদস্যnazminsultana9@gmail.com৮৬৩৮২১৪২৪১
ৰঞ্জন শৰ্মা, সদস্যsarmah.ranjan@gmail.com৯৪৩১৩৬৭৮২
শ্ৰীমতী মণিকা শইকীয়া অৱসৰ প্ৰাপ্ত উপাচাৰ্য্য ( বাহ্যিক বিশেষজ্ঞ) ৯৪৩৫৫১৬৬৯৬
শ্ৰীমতী প্ৰণীতা সভাপণ্ডিত অধিবক্তা, শিৱসাগৰ জিলা ও সত্ৰ ন্যায়ালয় ( বাহ্যিক বিশেষজ্ঞ) ৯৪৩৫৩৫৫৩৫৮