মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধিক
প্ৰশাসন
প্ৰশাসন

উপাচাৰ্য্য

প্ৰঃ মুনিন্দ্ৰ কাকতি

প্ৰঃ মুনিন্দ্ৰ কাকতিয়ে ৪ জানুৱাৰী, ২০১৭ তাৰিখে অসম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটী অফ্ ক`অপাৰেটিভ মেনেজমেণ্ট (আৰগুকম), শিৱসাগৰত উপাচাৰ্য্য হিচাপে যোগদান কৰে ।

এজন আন্তঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিক্ষাবিদ, প্ৰঃ কাকতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটীৰ ডীন, মেনেজ্মেণ্টৰ অধ্যাপক হিচাপে সেৱা আগবঢ়াই আহিছে । তেওঁ এজন বি আই টি এচ ( পিলানি) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ।

প্ৰঃ কাকতি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, ইউ এন ডি পি, ৱৰ্ল্ড ফুড প্ৰগ্ৰেম, এচিয়ান ডেভেলপ্মেণ্ট বেংক, ইণ্ডিয়ান অইল ক`ৰ্পৰেচন লিমিটেড (আই ও চি এল), ভাৰত ওমান ৰিফাইনেৰীজ্ লিমিটেড (বি ও আৰ এল), নুমলীগড় ৰিফাইনেৰী লিমিটেড ( এন আৰ এল) ইত্যাদিকে অন্তৰ্ভূক্ত কৰি ত্ৰিশটাতকৈও অধিক সংগঠনৰ লগত উপদেষ্টা হিচাপে জড়িত হৈ আহিছে।

প্ৰঃ কাকতিৰ আন্তঃ ৰাষ্ট্ৰীয় আলোচনী সমূহতো বহুতো প্ৰকাশিত লিখনি আছে । তেওঁ এচিয়া পেচিফিক ৰিস্কৰ ব` ৰ্ড অফ্ ডিৰেক্টৰ আৰু ইঞ্চিওৰেঞ্চ এচ`ছিয়েচন (এ পি আৰু আই এ) চিংগাপোৰৰ এজন সদস্য আছিল । তেওঁ এজন আই আই এম, শ্বিলঙৰ ফেকালটী চিলেক্চন কমিটিৰ সদস্য আৰু এ আই চি টি ই এণ্ড নেচনেল ব`ৰ্ড অফ এক্ৰিডিটেচনৰ বিশেষজ্ঞ সদস্যও আছিল । হাৰ্বাড বিজ্নেচ স্কুল, ম্যাসাচুসেট্স ইন্ষ্টিটিউট অৱ টেকন`ল`জি, হোৱাৰ্টন বিজ্নেচ স্কুল, প্ৰিন্স্টন ইউনিভাৰ্চিটী, ট`কিয়` ইউনিভাৰ্চিটী, মেইজি ইউনিভাৰ্চিটী, নেচ্নেল ইউনিভাৰ্চিটী অফ্ চিংগাপোৰ, অ`চেন ইউনিভাৰ্চিটী;চাইনা, ইউনিভাৰ্চিটী অফ্ ফাইনাঞ্চ এণ্ড ইক`নমিক্চ, ইণ্টাৰনেচনেল ইউনিভাৰ্চিটী; সাংহাই, ইন্সীড আবু ধাবি, বি আই টি এচ ডুবাই আদিকে অন্তৰ্ভূক্ত কৰি শৈক্ষিক কাৰ্য্যত শীৰ্ষস্থান প্ৰাপ্ত বহুতো আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানো তেওঁ পৰিদৰ্শন কৰিছে ।