মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধিক
প্ৰশাসন
নীতি আৰু নিয়ন্ত্ৰণ

আচৰণ আৰু অনুশাসন

পৰিধান নীতি: জুলাই ২০১৬ শিক্ষাবৰ্ষৰ আৰম্ভণিৰ পৰা সকলো চামৰ বি বি এ আৰু এম বি এ ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ইউনিফৰ্ম পৰিধান নীতি প্ৰণয়ন কৰা হৈছে ।

শ্ৰেণী কক্ষৰ উপস্থিতি: সকলো শ্ৰেণী কক্ষৰ পাঠদান, আলোচনা, গ্ৰন্থাগাৰ পৰিদৰ্শন, শিক্ষানুষ্ঠানিক পৰিদৰ্শন আদিত ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকিব লাগিব । শিক্ষানুষ্ঠানিক পৰিদৰ্শন আৰু বিশ্ববিদ্যালয়ৰ অন্য কাৰ্য্যক্ৰম সমূহৰ পৰা ছাত্ৰ-ছাত্ৰী সকলক বিৰত থাকিবলৈ অনুমতি দিয়া নহয় । ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতি নিয়মিত ভাৱে মূল্যাংকন কৰা হয় । যি সকল ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কম তেওঁলোকক অৰ্থদণ্ড আৰু অন্য শাস্তি মূলক ব্যৱস্থাৰে দণ্ডিত কৰা হয় ।এজন ছাত্ৰৰ গ্ৰেড হিছাপ কৰোঁতে এটা বিশেষ বিষয়ত বিশ্ববিদ্যালয়ৰ উপস্থিতিৰ পৰিমাণো যোগ কৰা হয় । যি সকল ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ৭৫ শতাংস বা তাতকৈ অধিক অকল সেই সকলক অতিৰিক্ত মানেৰে পুৰস্কৃত কৰা হয় ।

বিশ্ববিদ্যালয় চৌহদৰ ভিতৰৰ অনুশাসন: প্ৰত্যেক জন ছাত্ৰ বা ছত্ৰীয়ে বিশ্ববিদ্যালয়ৰ অখণ্ডতা বৰ্তাই ৰখাৰ লগতে অনুশাসনৰ উচ্চ মানদণ্ড প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগিব । বিশ্ববিদ্যালয়ৰ চৌহদৰ লগে লগে ছাত্ৰাবাস সমূহতো ধঁপাতজাত সামগ্ৰী আৰু সুৰা আদি ৰখা আৰু সেৱন কৰা কঠোৰ ভাৱে নিষিদ্ধ । কোনো ছাত্ৰই এনেকুৱা ভেষজ দ্ৰব্য লগত ৰখা বা সেৱন কৰা ধৰা পৰিলে বিশ্ববিদ্যালয়ৰ সন্মুখত দায়ী হোৱাৰ লগতে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা গ্ৰহণ কৰা নিষ্কাশণ পৰ্য্যন্ত কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ`ব লাগিব । ছাত্ৰ-ছাত্ৰী সকলে বিশ্ববিদ্যালয়, হোষ্টেল আৰু চৌহদৰ বাহিৰত শালীনতাপূৰ্ণ পোছাক পৰিধান কৰাটো অনিবাৰ্য্য । শেণী কক্ষত পাঠদানৰ সময়ত আঠু দীঘল পোছাক, অশালীনতা সূচক পোছাক আৰু হাৱাই চেণ্ডেল পিন্ধি উপস্থিত থকাৰ অনুমতি নাই । বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত বা বাহিৰত ছাত্ৰ-ছাত্ৰী সকলে জাৱৰ জোঁথৰ আদি আৱৰ্জনা সামগ্ৰী পেলাব নোৱাৰিব ।

অনুশাসনৰ উলঙ্ঘন: সম্পত্তি অনিষ্ট কৰাৰ ক্ষেত্ৰত যত সম্ভৱ আৰ্থিক জৰিমনা দিয়া হয় য`ত নেকি ছাত্ৰ-ছাত্ৰী সকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত জৰিমনা খিনি পৰিশোধ কৰিব লাগিব । জৰিমনা পৰিশোধ নকৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ ফলাফল উহ্য ৰখা হয় । তথাপিও,যদি কোনোবা ছাত্ৰ বা ছাত্ৰী কিবা বিষয়ত অনুত্তীৰ্ণ হয় সেই বিষয়টো সম্পৰ্কে সি বা তাইক অৱগত কৰা হয় আৰু এইটো এই কাৰণই সমৰ্থন কৰা হয় যাতে হ`ব লগা পৰবৰ্ত্তী পৰিপূৰক মূলক পৰীক্ষাত সি বা তাই সফলতাৰে উত্তীৰ্ণ হ`ব পাৰে ।