মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধিক
পাঠ্যক্ৰম সমুহ
এম. চি. এ. (মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেচন)

বিৱৰণ

পাঠ্যক্ৰমৰ বিৱৰণ

কম্পিউটাৰ প্ৰয়োগৰ ক্ষেত্ৰত উঁৎকৃষ্ট অৰ্হতা সম্পন্ন ব্যক্তিৰ বাঢ়ি অহা চাহিদালৈ লক্ষ্য ৰাখি, সূচনা প্ৰযুক্তিবিদ্যা, পৰিচালনা আৰু আইন বিভাগৰ মিশ্ৰণ ঘটাই আৰগুকমে এটা তিনিবছৰীয়া এম. চি. এ. (মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেচন) পাঠ্যক্ৰমৰ গঢ় দিছে। এই কাৰ্য্যক্ৰমে চফ্টৱেৰ উদ্যোগ সমূহৰ প্ৰয়োজনীয়তা পূৰা কৰিব পৰাকৈ উন্নত আৰু নতুন জ্ঞানৰসৈতে উন্নত গুণসম্পন্ন পেছাদাৰ হিচাপে শিক্ষাৰ্থীসকলক গঢ়ি তুলিব। এই পাঠ্যক্ৰমৰ মূল উদ্দেশ্য হ`ল যুৱপ্ৰজন্মক কম্পিউটাৰৰ ব্যৱহাৰিক জগতখনৰ প্ৰতি প্ৰবোদ্ধ কৰোৱা আৰু চফ্টৱেৰৰ জ্ঞানৰ ক্ষেত্ৰত দৃঢ়তা প্ৰদান কৰা।আৰু যি সকলে শিক্ষাক্ষেত্ৰখন বৃত্তিহিচাপে লব বিচাৰে তেওঁলোকৰ সুবিধাৰ্থে ইউ.জি.চি. নেটৰ প্ৰয়োজন অনুসাৰে এই পাঠ্যক্ৰম গঢ় দিয়া হৈছে।

এম.চি.এ. হৈছে কম্পিউটাৰ বিজ্ঞানৰ তিনিবছৰীয়া (৬-ষান্মাসিক) স্নাতকোত্তৰ কাৰ্য্যসূচী। সূচনা প্ৰযুক্তিবিদ্যাৰ বৃত্তিধাৰীসকলৰ নিত্যবৰ্ধিত প্ৰয়োজনৰ চাহিদা পূৰণ কৰিব পৰাকৈ নব্য প্ৰযুক্তি সম্বন্ধে জ্ঞানৰ কৰ্ষণ আৰু নতুন আহিলাৰ ব্যৱহাৰৰ মাজেৰে শিকাৰ আগ্ৰহী কৰি তোলাটোৱেই এই পাঠ্যক্ৰমৰ মূল উদ্দেশ্য।

বিশেষ বৈশিষ্টসমুহ:

  • ৱিপ্ৰ, ইনফ`ছিচ, নেছকম আৰু বিভিন্ন ৰাজহুৱা খণ্ডৰ পেছাদাৰীসকলৰ লগত আলোচনা কৰি ইয়াৰ কাৰ্য্যবিৱৰণ গঢ় দিয়া হৈছে।
  • শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ে দিয়া কন্সালটেন্সী এছাইনমেণ্ট, যেনে সমবায় আৰু ব্যৱসায়িক বেংকৰ কম্পিউটাৰাইজেচন, সমুদায় বেচাকিনাৰ বজাৰ আৰু চিকিৎসালয়সমুহৰ ডিজিটাইজেচন, সৰু-বৰ উদ্যোগৰ বাবে ৱেব পৰ্টেল বনোৱা, ই-কমাৰ্চ ডিজাইন আদিত কাম কৰিব লাগিব।
  • প্ৰাৰ্থীসকলক গুণমান বিশিষ্ট চফ্টৱেৰ বৃত্তিধাৰী হিচাপে প্ৰস্তুত কৰিবলৈ নব্য প্ৰযুক্তিৰ বিকাশৰ ওপৰত অনুষ্ঠান, উদ্যোগ পৰিদৰ্শণ, কাৰিকৰী কৰ্মশালা, উদ্যোগী বিকাশ শিবিৰ আদিৰ আয়োজন কৰা হয়।
  • অনুষ্ঠানৰ শিক্ষক বৃন্দ আৰু উদ্যোগৰ বৃত্তিধাৰীসকলৰ যুগ্ম নিৰ্দেশনাত ডিজিটাইজেচনৰ কিছুমান চলিত প্ৰকল্পত কাম কৰাৰ সুবিধা প্ৰদান কৰা হয়।
 

মূখ্য ক্ষেত্ৰ:

  • আৰ্টিফিচিয়েল ইণ্টেলিজেন্স
  • বিগ ডাটা এনালাইছিচ
  • বেংকিং টেকন`ল`জী
  • ডাটা মাইনিং এণ্ড ৱেৰহাউচিং
  • ডিষ্ট্ৰিবিউটেড কম্পিউটিং এণ্ড ক্লাউড কম্পিউটিং
  • এডভান্সড ইউনিক্স, চাইবাৰ ল এণ্ড আই.টি. চিকিউৰিটি
 

শিক্ষাগ্ৰহণৰ দৃষ্টিকোন:

  • তাত্বিক আৰু ব্যৱহাৰিক বিষয়সমুহৰ বিভিন্ন দিশ সন্নিৱিষ্ট কৰণ
  • বাস্তৱিক প্ৰকল্প
  • কৰ্মশালা, আলোচনাচক্ৰ, সন্মিলন
  • উদ্যোগৰ বিশেষজ্ঞৰ দ্বাৰা বক্তৃতা প্ৰদান আৰু অনুষ্ঠাপন
  • শিক্ষাৰ্থী সংঘ