মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধিক
পাঠ্যক্ৰম সমুহ
এল.এল.এম. (মাষ্টাৰ অব ল )

বিৱৰণ

পাঠ্যক্ৰমৰ বিৱৰণ

বিশ্ববিদ্যালয়ৰ গণনীতি আৰু আইন স্কুলৰ অৰ্ন্তগত আইনৰ স্নাতকোত্তৰ ডিগ্ৰী (এল.এল.এম.) এক জনপ্ৰিয় কাৰ্য্যক্ৰম। শিক্ষাৰ্থীসকলে এই বিষয়টোৰ জ্ঞান অৰ্জন কৰিবলৈ আৰু দক্ষতা বঢ়াবলৈ সমৰ্থ হোৱাকৈ ইয়াৰ পাঠ্যক্ৰমণিকা বিশদ আৰু গভীৰ। আইনী সংজ্ঞা, ভাৰতৰ সংবিধানিক আইন: নতুন অসুবিধা সমুহ, আইনী গৱেষণাৰ পদ্ধতিগত অধ্যয়ন, আইন প্ৰণয়নৰ সূত্ৰ, আইন আৰু সমাজ ৰূপান্তকৰন ইত্যাদি পাঠ্যবিৱৰণীত বিস্তৰভাৱে অৰ্ন্তভুক্ত কৰা হৈছে।

আৰু লগতে স্বাস্থ্য, শিক্ষা, পৰ্য্যটন আদিৰ ওপৰত চৰকাৰী নীতি সমূহক পুংখানুপুংখভাৱে পৰীক্ষণ কৰিব পৰাকৈ শিক্ষাৰ্থীসকলক আৰু বেছি সবল কৰি তুলিবলৈ গণনীতিৰ এটা অংশ এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। গণনীতিৰ এটা নিৰ্দিষ্ট খণ্ডত প্ৰকল্প প্ৰস্তুতকৰণে শিক্ষাৰ্থীসকলৰ বিশ্লেষণ ক্ষমতা প্ৰখৰ কৰি তুলিব আৰু চৰকাৰ আৰু জনগনৰ লাভাৰ্থে থকা গণনীতিসমুহ পুণঃঅনুস্থাপন অথবা শুধৰণিৰ হকে নৱ উৎঘাটন মূলক পৰামৰ্শ দিয়াৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক সুবিধা প্ৰদান কৰিব।

এল. এল. এম. হ'ল আইনৰ দুবছৰীয়া (৪-ষান্মাষিক) স্নাতকোত্তৰ কাৰ্য্যসূচী। এই পাঠ্যক্ৰমৰ উৎপাদনসমুহ কেৱল শিক্ষাৰ ক্ষেত্ৰতেই নহয়, চৰকাৰী নীতিৰ লগত জড়িত সংস্থানসমুহৰ লগত লেনদেনৰ বাবেও উপযোগী হ`ব।এল. এল. এম.ৰ উৎপাদনসমুহৰ ব্যৱহাৰীক শিক্ষা থকাৰ বাবে এন. জি. অ', বিত্তীয় অনুষ্ঠান, সমবায় সমুহে তেওঁলোকক কৰ্মচাৰী হিচাপে গ্ৰহণ কৰিবলৈ প্ৰস্তুত থাকে। লগতে শিক্ষাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব বিচৰা শিক্ষাৰ্থীসমুহৰ সুবিধাৰ্থে পাঠ্যক্ৰমখন ইউ.জি.চি নেট-ৰ প্ৰয়োজনীয়তা অনুসৰি গঢ় দিয়া হৈছে।