মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Assam Rajiv Gandhi University of Cooperative Management

অধিক
পাঠ্যক্ৰম সমুহ
এম. কম.(মাষ্টাৰ অব কমাৰ্চ)

বিৱৰণ

পাঠ্যক্ৰমৰ বিৱৰণ

অৰ্থনৈতিক খণ্ডত উচ্চ চাহিদা থকাৰ বাবে মাষ্টাৰ অব কমাৰ্চ (এম. কম. ফিনান্স) বৃত্তি নিৰ্বাচনৰ ক্ষেত্ৰত বহুল ভাবে জনপ্ৰিয়। এই বিশ্ববিদ্যালয়ৰ এম. কম.ৰ পাঠ্যবিৱৰণ, উদ্যোগসমূহৰ প্ৰয়োজনীয়তা অনুসাৰে সম্পূৰ্ণ পুংখানুপুংখভাবে গঢ় দিয়া হৈছে। এইটোৱে শিক্ষাৰ্থীসকলক ভৱিষ্যতে নিয়োগৰ ক্ষেত্ৰত অতিৰিক্ত সুবিধা প্ৰদান কৰিব।

এম.কম. হৈছে দুবছৰীয়া (৪-ষান্মাসিক) স্নাতকোত্তৰ কাৰ্য্যসূচী। হিছাপ-নিকাচ আৰু অৰ্থনীতিৰ কাৰিকৰি ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতা সৃষ্টি কৰাটো এই পাঠ্যক্ৰমৰ উদ্দেশ্য। পিছলৈ অৰ্থনৈতিক সিদ্ধান্তৰ কৌশলগত প্ৰভাৱসমূহৰ বুদ্ধিগত প্ৰয়োগৰ দ্বাৰা, বিশাল ব্যৱসায়সমূহৰ সাধাৰণতে হোৱা অপ্ৰত্যাশিত অসুবিধাসমূহৰ সন্মুখীন হ`ব পৰাকৈ প্ৰস্তুত থাকিব। কাৰ্য্যক্ৰমৰ অন্তৰ্গত, অন্ততঃ এমহীয়া ব্যৱহাৰিক প্ৰশিক্ষনৰ পিছত প্ৰস্তুত কৰা প্ৰতিবেদনে, শিক্ষাৰ্থীসমুহক অধিক কৌশলী আৰু দক্ষ কৰি তুলিব।

লগতে এই পাঠ্যক্ৰমৰ গঠনে শিক্ষাৰ্থী সমূহক শিক্ষাৰ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ বাবে ইউ.জি.চি নেট -ত সাফল্য প্ৰাপ্তিত সুবিধা হোৱাকৈ দক্ষতা গঢ়াৰ প্ৰক্ৰিয়াত সহযোগ কৰে।